সৰুপথাৰত ভয়ংকৰ পথ দুঘটনা, নিহত এজন…

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ ধনশিৰি মহকুমাৰ সৰুপথাৰত শুক্ৰবাৰে নিশা সৰুপথাৰ নগৰৰ গেৰেজ লাইনত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। তীব্র বেগীত আহি থকা এখন চুজুকী এছ এক্স ফউৰ গাড়ীয়ে এজন চাইকেল আৰোহী যুৱকক খুন্দা মৰাত যুৱকজন নিহত হয়।ঘটনাটোত নিহত যুৱক জন সৰুপথাৰ নগৰৰ কালিবাড়িৰ মনজিৎ দেৱ বুলি জানিব পৰা গৈছে ।

শুক্ৰবাৰে নিশা ব্যৱসায় সামৰি চাইকেলৰে ঘৰলৈ গৈ থাকোতে সৰুপথাৰ নগৰৰ আশাদ্বীপ হোটেলৰ সন্মুখত এ এছ ০৩ এইচ ৩২৭৮ নম্বৰৰ এছ এক্স ফউৰ তীব্র বেগী বাহন খনে চাইকেল আৰোহী যুৱক জনক মহতীয়াই নিয়াৰ লগতে তীব্র বেগত আহা বাহন খনে গেৰেজ লাইনৰ কেবাখনো দোকানৰ বাৰান্দাৰ ওপৰিও লাইটৰ প’ষ্ট ভাঙী নলাত সোমাই পৰে।

দুৰ্ঘটনাত পতিত চুজুকী এছ এক্স গাড়ী খনত চাৰি জন যুৱক যুৱক আছিল বুলি জানিব পৰা গৈছে।উল্লেখ্যযে সৰুপথাৰ আৰক্ষীয়ে যুৱক কেইজনক থানালৈ আনি সোধ পোছ কৰে। নিশা আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা দুৰ্ঘটনাত পতিত গাড়ী খন উদ্ধাৰ কৰি থানালৈ লৈ আনে। দুৰ্ঘটনা সংঘটিত কৰা গাড়ী খন থকা যুৱক ৪ জন সুৰাসক্ত অৱস্থাত আছিল বুলি আভিযোগ কৰে স্থানীয় প্ৰত্যক্ষদৰ্শীয়ে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/FJg1AIh
via IFTTT

Comments