সন্ধানহীন শিশুৰ মৃতদেহ উদ্ধাৰ : নগাঁৱত ১৮৪ গাঁৱৰ প্ৰায় ৩ লাখ লোক বানৰ কবলত…

ডিজিটেল সংবাদ,নগাঁও: নগাঁও জিলাত বান পৰিস্থিতি অপৰিবৰ্তিত হৈ আছে ৷ বৃহস্পতিবাৰৰ দিনটোত কপিলীৰ পানী বৃদ্ধি পোৱা নাই যদিও ন ন গাঁও বানে প্লাবিত কৰিছে ৷ নগাঁও জিলা প্ৰশাসনৰ সুত্ৰ মতে নতুনকৈ ৩৭ ৰাজহ গাঁও বানত প্লাবিত কৰিছে ৷

জিলাখনৰ কামপুৰ ৰাজহ চক্ৰতে ৯৮ খনকৈ গাঁও বানত ডুব গৈছে ৷ ৰহাত ৭৩ খন গাঁও আৰু নগাঁও সদৰত ১৩ খনকৈ গাঁও বানৰ কবলত পৰিছে ৷ বৃহস্পতিবাৰলৈকে জিলা খনত ৩ লাখ ৩১ হাজাৰ ২৪১ জন লোক বানত আক্ৰান্ত হৈছে ৷ বানৰ কবলত বৰ্তমানেও কেবা হাজাৰ লোক আবদ্ধ হৈ আছে ৷ এছ ডি আৰ এফে স্থানীয় প্ৰশাসনে দিনটোত ২ হাজাৰৰ লোকক বানৰ মাজৰ পৰা উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ আনিছে ৷

কামপুৰ ৰাজহ চক্ৰৰ অধীনত ৬২ টাকৈ আশ্ৰয় শিবিৰ স্থাপন কৰিছে ৷ নগাঁও সদৰ ৰাজহ চক্ৰৰ অধীনত ৭ টা আশ্ৰয় শিবিৰ আৰু ৰহা ৰাজহ চক্ৰত ৩৫ টা আশ্ৰয় শিবিৰ স্থাপন কৰিছে ৷

কামপুৰ-কঠিয়াতলিৰ লোকনিৰ্মান বিভাগৰ পথটোৰ মোহানীআটিত এটি কালভাৰ্ট বানে উটুৱাই নিয়ে ৷ প্ৰায় ১০ মিটাৰ বানে চিঙি পেলোৱাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় ৷ নগাঁও সদৰ ৰাজহ চক্ৰৰ ২ টা পথ বৃহস্পতি বাৰে বিধস্ত কৰে ৷ কামপুৰত নতুনকৈ ৩ টা পথ বানে বিধস্ত কৰিছে ৷

বানত উটি যোৱা বিনন্দ নাথ নামৰ ১৩ বছৰীয়া শিশুটিৰ মৃত দেহ উদ্ধাৰ হৈছে ৷ সোমবাৰে বিয়লি কুঁহিমাৰীত বানে বিনন্দ নাথক উটুৱাই নিছিল ৷ আন হাতে বনপালি গাঁৱত বানে উটুৱাই নিয়া দুই যুবকৰ সন্ধান পোৱা নাই ৷ সন্ধানহীন হৈ থকা যুবক দুজনৰ নাম হৈছে চানি গোৱালা আৰু ধুন শ্বাহ ৷

আৰু পঢ়ক: আম পাৰিবলৈ গৈ পুখুৰীত পৰি যুৱতীৰ সলিল সমাধি…



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/xMkmgJG
via IFTTT

Comments