শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ মুৰ্দাবাদ ধ্বনিৰে উত্তাল তিনিচুকীয়াৰ লিম্বুগুৰি চাহ বাগিছা

ডিজিটেল সংবাদ, তিনিচুকীয়া:– বিজেপি চৰকাৰৰ শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে অসম চাহ মজদুৰ সংঘৰ লিম্বুগুৰি চাহ বাগিচা প্ৰাথমিক গোট আৰু অসম চাহ জনজাতি ছাত্র সন্থাৰ গটং শাখাৰ উদ্যোগত শুকুৰবাৰে তিনিচুকীয়াৰ লিম্বুগুৰি চাহ বাগিছাৰ চাহ শ্ৰমিকসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।
প্ৰতিবাদৰ কালচোৱাত ডলু চাহ বাগিছাৰ উচ্ছেদ কাৰ্য বন্ধৰ দাবী তোলাৰ লগতে লিম্বুগুৰি চাহ বাগিছাৰ বিভিন্ন সমস্যা সমাধানৰ দাবী উত্থাপন কৰি প্ৰতিবাদকাৰী সকলে ‘শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ মুৰ্দাবাদ, বিজেপি চৰকাৰ হুচিয়াৰ, চাহ শ্ৰমিকক পেটে-ভাতে মৰাৰ ষড়যন্ত্ৰ সহ্য কৰা নহ’ব, ডলু চাহ বাগিচাৰ উচ্ছেদ অভিযান বন্ধ কৰক’ আদি বিভিন্ন শ্ল’গান দিয়ে ।
এই প্ৰতিবাদী ধৰ্ণাত অংশগ্ৰহণ কৰি অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় কাৰ্যলয়ৰ উপ-সভাপতি তথা পানীতোলা শাখাৰ সম্পাদক ৰাজু চাহুৱে বিজেপি চৰকাৰক চোকা সমালোচনা কৰি কয় যে বিগত সময়ছোৱাত উদ্যোগ প্ৰতিষ্ঠান স্থাপনৰ অজুহাতত চৰকাৰে চাহ বাগিচাৰ মাটি অধিগ্ৰহণ কৰি চাহ শ্ৰমিকক তিল তিলকৈ মৃত্যুৰ গৰাহলৈ ঠেলি দিয়াৰ বহু উদাহৰণ আছে ।
শেহতীয়াকৈ বিজেপি চৰকাৰে বিমান বন্দৰ নিৰ্মাণ কৰাৰ গইনাৰে ডলু চাহ বাগিছাৰ ভূমি অধিগ্ৰহণ কৰি তথা চাহগছ উচ্ছেদেৰে শ্ৰমিক বিৰোধী স্থিতি স্পষ্ট কৰি দিছে । চাহ শ্ৰমিকৰ ব্যাপক প্ৰতিবাদকো নেওচি চৰকাৰে উচ্ছেদ কাৰ্য অব্যাহত ৰাখিছে । চৰকাৰৰ এনে শ্ৰমিকবিৰোধী কাৰ্যকলাপ কোনোপধ্যেই গ্ৰহণযোগ্য হ’ব নোৱাৰে । শ্রমিকৰ অধিকাৰ খৰ্ব কৰাৰ যি কু-চক্রান্ত বিজেপি চৰকাৰে ৰচিছে সেয়া কদাপি সফল হ’বলৈ দিয়া নহ’ব ।
শ্রমিক কল্যাণৰ হকে কাম কৰাৰ প্ৰতিশ্ৰুতি দি শ্ৰমিকৰ ভোটেৰে ৰাজপাট দখল কৰিবলৈ সক্ষম হোৱা বিজেপি চৰকাৰখনে শ্ৰমিকৰ কল্যাণৰ প্ৰতি সম্পূৰ্ণ পিঠি দি পুঁজিপতি বণিয়া গোষ্ঠীলৈ ৰঙা দলিচা পাৰি চাহ শ্রমিকক পেটে-ভাতে মৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি চাবুৱাৰ প্ৰাক্তন বিধায়কগৰাকীয়ে ক্ষোভ ব্যক্ত কৰে ।
তেওঁ লগতে গেছৰ মূল্যবৃদ্ধিৰ ফলস্বৰূপে লিম্বুগুৰি চাহ বাগিছাৰ ফেক্টৰী বন্ধ কৰি ৰাখিব লগা হোৱা বিষয়টো দুর্ভাগ্যজনক আখ্যা দিয়ে । বিজেপি চৰকাৰৰ শ্রমিকবিৰোধী নীতিৰ বাবেই ইতিমধ্যে কেইবাখনো চাহ বাগিচা ধ্বংসৰ মুখলৈ গতি কৰিছে বুলি চাহুৱে উল্লেখ কৰি বটলিফ ফেক্টৰীত কাম কৰা শ্রমিকসকলৰ মজুৰিৰ প্ৰতিও চৰকাৰখন উদাসীন বুলি অভিযোগ তোলে ।
আৰু পঢ়ক: অসমৰ চাহ বাগিচাত বিদ্যালয় আধাতে এৰা ল’ৰা-ছোৱালী নথকাটো সুনিশ্চিত কৰা হ’ব : পিযুষ হাজৰিকা
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/EDrLtTy
via IFTTT
Comments
Post a Comment