জাজৰি আমতলা গজলা সত্ৰত সৰ্বানন্দ মহন্তক সত্ৰাধিকাৰৰ নিৰ্মালি প্ৰদান…

ডিজিটেল সংবাদ, নগাওঁঃ নগাঁও জিলাৰ জাজৰি স্হিত ঐতিহ্য মণ্ডিত শ্ৰীশ্ৰী আমতলা গজলা সত্ৰত সৰ্বানন্দ মহন্তক দেওঁবাৰে সত্ৰাধিকাৰৰ নিৰ্মালি প্ৰদান কৰা হয় ৷ নিৰ্মালি প্ৰদান কৰে শ্ৰীশ্ৰী ডৌকাচাপৰি সত্ৰৰ সত্ৰাধিকাৰ তুলসী মহন্ত , দহঘৰীয়া সত্ৰৰ সত্ৰাধিকাৰ কমলা কান্ত মহন্ত , খৌৰা মোচৰ সত্ৰৰ টংকেশ্বৰ গোস্বামী, মদাৰগুৰি সত্ৰৰ লীলা কান্ত মহন্ত , চেঁচা সত্ৰৰ গজেন্দ্ৰ মহন্তই ৷
দুপৰীয়া নাম প্ৰসঙ্গৰ অন্তত সত্ৰাধিকাৰৰ অভিষেক অনুস্হান অনুষ্ঠিত হয় ৷ পুৰনিগুদাম লেটুগ্ৰাম সত্ৰৰ সত্ৰাধিকাৰ কৃষ্ণ গোস্বামী ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অভিষেক অনুষ্ঠানত নগাঁও জিলা সাহিত্য সভাৰ কাৰ্যকৰী সভাপতি থগিত মহন্তই অনুস্থানটিৰ আত ধৰি জাজৰিস্থিত সত্ৰখনিৰ ঐতিহ্য, ক্ৰমবিকাশ,বংশ পৰম্পৰা আদিৰ সম্পৰ্কত বক্তব্য আগবঢ়ায় ৷
নগাঁও জিলা সত্ৰ মহাসভাৰ সম্পাদক দিগন্ত প্ৰকাশ মহন্তই ভাষণ প্ৰসঙ্গত উল্লেখ কৰে যে সত্ৰাধিকাৰ অবিহনে সত্ৰ এখন বৰ্তি থাকিব নোৱাৰে, বিশেষকৈ চৰকাৰে সত্ৰৰ সামগ্ৰীক উন্নয়নৰ বাবে যি আঁচনি গ্ৰহণ কৰিছে তাৰ বাবে প্ৰতিখন সত্ৰত সত্ৰাধিকাৰ থকাতো অপৰিহাৰ্য ৷ অভিষেক অনুস্থানত সত্ৰাধিকাৰ টংকেশ্বৰ গোস্বামী , পশ্চিম নগাঁও জিলা সত্ৰ মহাসভাৰ অন্তৰ্গত মধ্য আঞ্চলিকৰ সভাপতি লাৰুধন গোস্বামী আদি উপস্হিত থাকে ৷
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/cD6WZkj
via IFTTT
Comments
Post a Comment