হাফলঙত অব্যাহত অবৰ্ণনীয় পৰিস্থিতিঃ তিনি-চাৰিদিনে ব্যাহত হৈ আছে বিদ্যুৎ সংযোগ…

ডিজিটেল ডেস্কঃ নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত বানে তীব্ৰ ৰূপ ধাৰণ কৰিছে। বানে ৰুদ্ৰ ৰূপ ধাৰণ কৰা হাফলঙত এতিয়াও অব্যাহত আছে অবৰ্ণনীয় পৰিস্থিতি। ধাৰাসাৰ বৰষুণৰ ফলত খহিছে প্রকাণ্ড প্রকাণ্ড পাহাৰ।বৰ্তমানেও স্তব্ধ হৈ আছে যাতায়াত ব্যৱস্থা।
প্ৰায় দুদিন ধৰি বহিঃজগতৰে সংযোগ বিচ্ছিন্ন হাফলং, জাতিংগাৰ। হাফলং-মাইবং পথত ভয়ংকৰ ভূমিস্খলনে জটিল ৰূপ ধাৰণ কৰিছে। সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে ঘাইপথ। তিনি-চাৰিদিনে ব্যাহত হৈ আছে বিদ্যুৎ সংযোগ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/rY30pQq
via IFTTT
Comments
Post a Comment