ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত টীয়কৰ ৬ বছৰীয়া আকাংক্ষাৰ নাম…

ডিজিটেল সংবাদ টীয়কঃ যোৰহাটৰ এজনী মৰম লগা কণমানি। নাম আকাংক্ষা দত্ত। বয়স ৬ বছৰ। কণমানি আকাংক্ষাই মাথোঁ ৬ বছৰ বয়সতে নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত । বিনা দ্বিধাই প্ৰতিটো কথা সলসলীয়াকৈ ক’ব পৰা আকাংক্ষাই মাত্ৰ ২০ মিনিটত ৪৩০ টা সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ উত্তৰ দি নাম সন্নিবিষ্ট কৰিলে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত।
ইউটিউব চাই ভাল পোৱা আকাংক্ষাৰ পৰৱৰ্তী লক্ষ্য এছিয়া বুক অৱ ৰেকৰ্ড । যোৰহাটৰ ষ্পীংডেল বিদ্যালয়ৰ ছাত্ৰী আকাংক্ষা টীয়ক দক্ষিণ দুলীয়া গাঁৱৰ নৱজ্যোতি দত্ত আৰু মৰমী দত্তৰ কন্যা।
ক্লিক কৰি পঢ়কঃ ডিমা হাচাওত অব্যাহত আছে প্ৰকৃতিৰ তাণ্ডৱঃ ১৭ খনকৈ ৰে’ল বাতিল…
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/nSFY2PI
via IFTTT
Comments
Post a Comment