শিহৰণকাৰী! ডিঙিত সাপ লৈ খেলা কৰিছে মদ্যপায়ী ব্যক্তিয়ে…

ডিজিটেল সংবাদ, মৰিগাঁও: মৰিগাঁৱৰ এজন ব্যক্তিৰ শিহৰণকাৰী দৃশ্য ৷ মৰাকলঙৰ এই ব্যক্তি জনে দুটা সাপৰ সৈতে কৰিছে গা শিয়ৰী উঠা কাৰ্য ৷

গোৱালা সাপ ডিঙিত লেৰিয়াই লোৱাৰ বিপৰীতে আনটো সাপ ধৰি প্ৰদৰ্শন কৰিছে উপস্থিত ৰাইজক ৷ কোনোৱে যদি এৰি দিয়াৰ কথা কৈছে আন কোনোৱে আকৌ মোবাইলত তুলিছে শিহৰণকাৰী দৃশ্যটো ৷

তাৰ মাজতে মদ্যপায়ী লোকজনে দেখুৱাইছে হাতত সৰ্প দংশনৰ চিন ৷ ভয়ত লোক সকলে সাপকেইটা এৰি দিবলৈ আঁতৰৰ পৰা অনুৰোধ জনাই যদিও দুগুণ বেছিহে কৰে মদ্যপায়ী লোকজনে ৷

আৰু পঢ়ক: অচিনাকী বাহনৰ খুন্দাত থিতাতে নিহত ছাত্ৰ নেতা…



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/okqRMQT
via IFTTT

Comments