নৱম শ্ৰেণীৰ ছাত্ৰীক যৌন নির্যাতন কৰি নিলম্বিত চকীদাৰ কৈলাশ শৰ্মা…

ডিজিটেল সংবাদ, গোৱালপাৰাঃ ৰাজ্যত সঘনাই বৃদ্ধি পাইছে শিশু আৰু নাৱালিকা ছাত্ৰীক যৌন নিৰ্যাতনৰ জঘণ্য ঘটনা।এইবাৰ জঘণ্য ঘটনাৰ স্থান গোৱালপাৰাৰ চেণ্ট্ৰেল গাৰ্লছ হাইস্কুল।গোৱালপাৰা চহৰৰ মাজমজিয়াত থকা ঐতিহ্যময় চেণ্ট্ৰেল গাৰ্লছ হাইস্কুলৰ নামত কালিমা সানিলে একেখন বিদ্যালয়ৰ ৬০ উৰ্দ্ধৰ চকীদাৰ এগৰাকীয়ে। লম্পট চকীদাৰ গৰাকীৰ নাম হ’ল কৈলাশ শৰ্মা।

ঘটনাৰ বিষয়ে জানিব পৰা মতে, যোৱা ২৫ মে’ত বিদ্যালয় ছুটি হোৱাৰ পিচত নৱম শ্ৰেণীৰ ছাত্ৰী এগৰাকীয়ে স্কুলত ৰৈ আছিল মষূলধাৰ বৰষুণৰ বাবে। প্ৰত্যেক দিনে চেণ্ট্ৰেল গাৰ্লছ হাইস্কুল ছুটি হয় ২.৩০ বজাত। কিন্তু সেইদিনাখন বৰষুণৰ বাবে ২.০৫ বজাত আগতীয়াকৈ বিদ্যালয় ছুটি হোৱাত নৱম শ্ৰেণীৰ ছাত্ৰী গৰাকীক সেইসময়ত নিবলৈ কোনো অভিভাৱক অহা নাছিল।

ইতিমধ্যে আগতীয়াকৈ বিদ্যালয় ছুটি হোৱা বাবে আটাইবোৰ ছাত্ৰ-ছাত্ৰী ঘৰলৈ গুছি যায়। অকলশৰীয়া হৈ পৰা ছাত্ৰীগৰাকীয়ে পৰিয়ালৰ লোকক অৱগত কৰিবলৈ বিদ্যালয়ৰ চকীদাৰ কৈলাশ শৰ্মাৰ পৰা ম’বাইল ফোন লৈ সোনকালে নিব আহিবলৈ ঘৰত অৱগত কৰায়।পিচত চকীদাৰ জনক ম’বাইল দিবলৈ যোৱাত নীচ মানসিকতাৰ চকীদাৰজনে কোনো নথকাৰ সুযোগত নাবালিকা ছাত্ৰীজনীৰ ওপৰত পাশৱিক যৌন নিৰ্যাতন চলায়।ছাত্ৰীজনীয়ে চিঞৰ বাখৰ কৰাত ছাত্ৰীজনীৰ মুখত সোপা দি ধৰে।

এনেকি পৰিয়ালৰ লোকক এই ঘটনাৰ কথা জনালে প্ৰাণে মৰাৰ ভাবুকিও দিয়ে লম্পট চকীদাৰ কৈলাশ শৰ্মাই।ছাত্ৰী জনীয়ে অভিভাৱক দিয়া ভাষ্য মতে, ঘটনা সন্দৰ্ভত ছাত্ৰীগৰাকীয়ে প্ৰথমে বিদ্যালয়খনৰে এগৰাকী শিক্ষয়িত্ৰীক অৱগত কৰে।কিন্তু জনৈক দায়িত্বজ্ঞানহীন শিক্ষয়িত্ৰীগৰাকীয়ে ছাত্ৰীজনীকে ধমক দি আঁতৰাই পথিয়ায়। পিচত উপায়ন্তৰ হৈ ছাত্ৰীজনীয়ে ঘৰত গৈ পৰিয়ালৰ লোকক অৱগত কৰায় ঘটনাৰ বিষয়ে।পৰিয়ালৰ লোকে পিচদিনাখন চেণ্ট্ৰেল গাৰ্লছ হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰীক ঘটনাৰ বিষয়ে অৱগত কৰায়।

বিদ্যালয় প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে স্কুল পৰিদৰ্শকক জনোৱাৰ পিচত স্কুল পৰিদৰ্শকে চকীদাৰ কৈলাশ শৰ্মাক বিদ্যালয়ৰ পৰা তৎকালে নিলম্বন কৰে।এই ঘটনাক লৈ শনিবাৰে চেণ্ট্ৰেল গাৰ্লছ হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰীয়ে বিদ্যালয়ত জৰুৰীভাৱে এখন অভিভাৱক সভা অনুষ্ঠিত কৰে।সভাখনত লম্পট চকীদাৰজনক আনুষ্ঠানিকভাৱে তৎকালে নিলম্বন কৰাৰ কথা অভিভাভকসকলক অৱগত কৰায় যদিও এই ঘটনাক কেন্দ্ৰ কৰি অসন্তুষ্ট অভিভাৱকসকলে বিদ্যালয় চৌহদত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

অভিযোগ মতে, ২৬ মে’ত ভুক্তভোগীৰ অভিভাৱক পিতৃয়ে প্ৰধান শিক্ষয়িত্ৰী কৰবী শইকীয়াক ঘটনা সম্পৰ্কে অৱগত কৰাত প্ৰধান শিক্ষয়িত্ৰী কৰবী শইকীয়াই ঘটনাক গাপ দিয়াৰ প্ৰচেষ্টাৰে ছাত্ৰীগৰাকীৰ অভিভাবকক ওলোটাই অপদস্থহে কৰে। ঘটনা পোহৰলৈ অহাত উপায়ন্তৰহৈ হে স্কুল পৰিদৰ্শকক ঘটনাৰ বিষয়ে অৱগত কৰে প্ৰধান শিক্ষয়িত্ৰী কৰবী শইকীয়াই। ঘটনা সন্দৰ্ভত শনিবাৰে ছাত্ৰীগৰাকীৰ অভিভাগক পিতৃয়ে লম্পট চকীদাৰ কৈলাশ শৰ্মা আৰু বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী কৰবী শইকীয়াৰ বিৰুদ্ধে গোৱালপাৰা চহৰ আৰক্ষী চকীত এখনি এজাহাৰ দাখিল কৰিছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/U60r4JB
via IFTTT

Comments