আজি দেশজুৰি পেট্ৰ’ল ডীলাৰ্ছৰ ধৰ্মঘট…

ডিজিটেল ডেস্ক: মঙলবাৰে দেশজুৰি পেট্ৰ’ল ডীলাৰ্ছসকলে দিনজোৰা ধৰ্মঘট পালন কৰিব। ডীলাৰছৰ কমিছন বৃদ্ধি কৰাৰ দীৰ্ঘদিনীয়া দাবীত আজি পেট্ৰ’ল পাম্প সমূহে তৈল বিপণন কোম্পানীৰ পৰা পেট্ৰ’ল-ডিজেল ক্ৰয় নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

অৱশ্যে ধৰ্মঘট কৰিলেও পেট্ৰ’ল পাম্প সমূহ স্বাভাৱিকভাৱে খোলা থাকিব। কেৱল চৰকাৰৰ পৰা ইন্ধন ক্ৰয় কৰাৰ পৰা বিৰত থাকিব।

উল্লেখনীয় যে পেট্ৰ’ল-ডিজেলৰ দাম কম কৰাৰ লগে লগে পেট্ৰ’ল পাম্পৰ গৰাকী সকল কেইবাকোটি টকাৰ লোকচানৰ সন্মুখীন হবলগীয়া হয়। কিয়নো উচ্চ দামত ক্ৰয় কৰা ইন্ধন কম দামত বিক্ৰী কৰিব লগাত পৰে।

আৰু পঢ়ক: ন-বোৱাৰীক ডিঙি চেপি হত্যা স্বামী পৰিয়ালৰ…



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/ANevZoz
via IFTTT

Comments