১৫ দিনীয়াকৈ অনুষ্ঠিত বজালী বাণিজ্য মেলা…

ডিজিটেল সংবাদ, বাক্সা: প্ৰতিকূল বতৰৰ মাজতো বাক্সা জিলাৰ সদৰ মুছলপুৰত অনুষ্ঠিত হৈছে ১৫ দিনীয়াকৈ বজালী বাণিজ্য মেলা ৷ মুছলপুৰৰ দুৰ্গা মন্দি আৰু বাথৌ মন্দিৰৰ খেলপথাৰত প্ৰাংগণত দুৰ্গা মন্দিৰ নিৰ্মাণৰ্থে আয়োজিত এই বাণিজ্য মেলা সোমবাৰে সন্ধিয়া শুভ উদ্বোধন কৰে বাক্সা জিলা বিজেপিৰ সভাপতি শৰৎ শৰ্মাই ৷

মেলা উদ্বোধন কৰি শৰ্মাই কয় যে লক ডাউনৰ পিচত বৰ্তমান অসমৰ লগতে সকলো ঠাইতে এক স্বাভাৱিক পৰিস্থিতি বিৰাজ কৰিছে। ক’ভিডকালীন পৰিস্থিতি শান্ত হোৱাৰ পিছৰে পৰা ব্যৱসায়ী সকলেও সুচাৰুৰূপে আৰম্ভ কৰিব পাৰিছে নিজৰ নিজৰ ব্যৱসায়-বাণিজ্য ।

ক’ৰোনা কালীন পৰিস্থিতিৰ পিছত জিলাখনৰ প্ৰাণকেন্দ্ৰ মুছলপুৰত আৰম্ভ হোৱা এই ধৰণৰ বাণিজ্য মেলাই থলুৱা তথা ক্ষুদ্ৰ ব্যৱসায়ী সকলক আৰ্থিকভাৱে কিছু সকাহ প্ৰদান কৰিব বুলি মন্তব্য কৰে। বতৰ প্ৰতিকূল হোৱা স্বত্বেও বাণিজ্য মেলাৰ প্ৰতি গ্ৰাহকৰ যথেষ্ট আকৰ্ষণ আছে আৰু বাণিজ্য মেলাত বহুতো নতুন নতুন সামগ্ৰী উপলব্ধ হোৱাৰ বাবেই এইবাৰৰ বাণিজ্য মেলাত বহু লোকৰ আগমন ঘটিব বুলিও তেওঁ মন্তব্য কৰে।

এই উদ্বোধনী অনুষ্ঠানত বাক্সা জিলা বিজেপিৰ সাধাৰণ সম্পাদক ৰিদীপ ডেকা, মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সুৰেন্দ্ৰ নাথ বাৰ্মা, দুৰ্গা মন্দিৰ নিৰ্মাণ সমিতিৰ সম্পাদক সুনীল ৰায়, জিলা বিজেপিৰ অনুসূচীত জাতি মৰ্চাৰ সভাপতি ব্ৰজেন পাঠককে ধৰি অঞ্চলটোৰ কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ অহা ৩ জুনলৈ অনুষ্ঠিত হ’বলগীয়া এই বাণিজ্য মেলাত অসমৰ লগতে বহিঃৰাজ্যৰো অৰ্ধ শতাধিক থলুৱা সাজপাৰ, খাদ্য-সামগ্ৰী, আ-অলংকাৰৰ লগতে ভিন ভিন সামগ্ৰীৰ বিপনীয়ে অংশগ্ৰহণ কৰিছে৷

আৰু পঢ়ক: কান চলচ্চিত্র মহোৎসৱত আইমী বৰুৱাৰ ‘চেমখৰ’ৰ বক্তব্যত মুদ্ধ বিশ্ব চলচ্চিত্র সমাজ



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/fHmd9Nj
via IFTTT

Comments