বানপানীৰ মাজতে বৰপেটা শিক্ষা খণ্ডত গুণোৎসৱৰ প্ৰস্তুতি সম্পন্ন…

ডিজিটেল সংবাদ কয়াকুছিঃ অহা ২৩ মে’ৰ পৰা অনুষ্ঠিত হ’বলগীয়া গুণোৎসৱৰ বাবে বৰপেটা জিলা প্ৰশাসনৰ লগতে শিক্ষা বিভাগে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। জিলাখনৰ অন্যান্য শিক্ষা খণ্ডৰ লগতে বৰপেটা প্ৰাথমিক শিক্ষা খণ্ডত গুণোৎসৱৰ ব্যাপক প্ৰস্তুতি সম্পূৰ্ণ হৈছে। প্ৰতিখন বিদ্যালয়ত দুদিনকৈ হব এই গুণোৎসৱ।

২৩ মে’ত সকলো বিদ্যালয়ত স্বমূল্যায়ন অনুষ্ঠিত হ’ব। ইয়াৰ পিছত প্ৰতিখন বিদ্যালয়ত ২৪, ২৫ নাইবা ২৬ মে’ ইয়াৰে যিকোনো এদিন বহি:মূল্যায়নকাৰীৰ উপস্থিতিত মূল্যায়ন অনুষ্ঠিত হ’ব। বৰপেটা শিক্ষা খণ্ডত ৩৬খন সমল কেন্দ্ৰৰ অন্তৰ্গত মুঠ ৩৫০খন বিদ্যালয়ত এই গুণোৎসৱ অনুষ্ঠিত হ’ব।

মণ্ডল হিচাপে চাকদহ আৰু ডক্ৰেশ্বৰ মণ্ডল সমল কেন্দ্ৰৰ ১২ খনকৈ বিদ্যালয়ত, ২৬ নং দামোধৰ শৰ্মা এম ভি, ৭৮ নং পালহাজী বয়ছ, আমদহ, বাগনা, দৰ্গাপুৰ, ফিঙুৱা, কাহিকুছি, কাৱৈমাৰী, মেধিৰটাৰী , নলীগাঁও আৰু পাটবাউসী মণ্ডল সমল কেন্দ্ৰৰ ১১ খনকৈ বিদ্যালয়ত, বালাপাৰা , ভক্তৰডবা,বাৰাদী,ভেৰাগাঁও, দক্ষিণ পাকা, ধকুৱা,এৰাট্টাৰী,নেউলাৰভিটা,পালহাজী দক্ষিণ আৰু ৰাধাকুছি মণ্ডল সমল কেন্দ্ৰৰ ১০ খন বিদ্যালয়ত, ১১২২নং বৰপেটা নাৰ্ছাৰী ,১৯৫২ নং গাড়ীভিটা ,৩ নং দক্ষিণ হাটী , ফিঙুৱা পাথাৰ , কয়াকুছি , নগাওঁ আৰু পিঠাদি পাম মণ্ডল সমল কেন্দ্ৰৰ ৯ খনকৈ বিদ্যালয়ত, ৮ নং দক্ষিণ হাটী জুনিয়ৰ বেছিক আৰু বাগোদী মণ্ডল সমল কেন্দ্ৰৰ ৮খনকৈ বিদ্যালয়ত , বৰপেটা টাউন হাইস্কুল, সদৰ বালক মজলীয়া বিদ্যালয় আৰু তেলেৰীয়া মণ্ডল কেন্দ্ৰৰ ৭ খনকৈ বিদ্যালয়ত গুণোৎসৱ অনুষ্ঠিত হ’ব।

আনহাতে কৰাগাড়ী মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত ৫ খন বিদ্যালয়ত গুণোৎসৱ অনুষ্ঠিত হ’ব। ৩৫০খনকৈ বিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া গুণোৎসৱৰ বাবে প্ৰতিখন বিদ্যালয়ত এজনৈ শিক্ষক/শিক্ষয়িত্ৰীক নডেল শিকক হিচাপে নিযুক্তি দিয়াৰ লগতে মুঠ ৪৬ জন ব্যক্তিক যোগাযোগকাৰী বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে।

গুণোৎসৱ অনুষ্ঠিত হ’বলগীয়া ৩৫০খন বিদ্যালয়ৰ ভিতৰত ২৫২ খন প্ৰাথমিক,২৫ খন উচ্চ প্ৰাথমিক,১৬ খন মজলীয়া,১৪খন উচ্চ মাধ্যমিক আৰু ৪৩ খন মিশ্ৰিত বিদ্যালয়। প্ৰথম দিনা অৰ্থাৎ ২৪ মে’ত ১২৮ খন, দ্বিতীয় দিনা অৰ্থাৎ ২৫ মে’ত ১২৮ আনহাতে অন্তিম দিনা অৰ্থাৎ ২৬ মে’ত ৯৪ খন বিদ্যালয়ত গুণোৎসৱ অনুষ্ঠিত হ’ব।

৩৫০ খন বিদ্যালয়ৰ ভিতৰত ৩৪৯ খন সমভূমিত আৰু ১ খন বিদ্যালয় চৰ অঞ্চলৰ। এই বিদ্যালয়সমূহৰ ভিতৰত ৩২৩ খন অসমীয়া মাধ্যমৰ, ১৬ খন বড়ো আৰু অসমীয়া মিশ্ৰিত, ১০খন বড়ো আৰু ১খন ইংৰাজী মাধ্যমৰ বিদ্যালয় আছে। গুণোৎসৱ যাতে সফলতাৰে সম্পন্ন হয় তাৰ বাবে বিভিন্ন পৰ্যায়ৰ প্ৰশিক্ষণ অনুষ্ঠিত হৈছে। নিযুক্তি দিয়া যোগাযোগকাৰী বিষয়াসকল প্ৰশিক্ষণ যোৱা ১৩ মে’ত ৯১৮ জন মেটুৱাকুছি প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হৈ গৈছে।

নিযুক্তি প্ৰাপ্ত ৩৫০ জন নডেল শিক্ষক -শিক্ষয়িত্ৰীসকলৰ প্ৰশিক্ষণ যোৱা ১৪ মে’ত দক্ষিণ বৰপেটা বিদ্যা মন্দিৰ উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হৈছে। ইয়াৰ উপৰি ৩৬ টা মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত সকলো শিক্ষক -শিক্ষয়িত্ৰীসকলৰ প্ৰশিক্ষণ আৰম্ভ হৈছে। ইতিমধ্যে গুণোৎসৱ অনুষ্ঠিত হ’বলগীয়া প্ৰতিখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উত্তৰ বহীসমূহ মণ্ডল সমল কেন্দ্ৰসমূহৰ সমন্বয়কৰ জড়িয়তে প্ৰেৰণ কৰা হৈছে।

ছাত্ৰ-ছাত্ৰীৰ উত্তৰবহী আগতেই বিভাগে প্ৰেৰণ কৰিছে যাতে মূল্যায়নৰ দিনা কোনো শিক্ষাৰ্থী বঞ্চিত হ’বলগীয়া নহয়। বৰপেটা শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ভৱেশ কুমাৰ তালুকদাৰে গুণোৎসৱৰ সকলো দিশ পৰ্যবেক্ষণ কৰি আছে। গুণোৎসৱৰ বাবে ইতিমধ্যে এজনীয়া শিক্ষক তথা বিদ্যালয়সমূহত দুজনীয়া কৰিছে। শিক্ষক নথকা বিদ্যালয়ত শিক্ষক দিছে সংশ্লিষ্ট বিভাগে।কিন্তু শেষতীয়াভাৱে যোৱা কেইবাদিন ধৰি চলি থকা নেৰানেপেৰা বৰষুণৰ বাবে গুণোৎসৱৰ পালনৰ ক্ষেত্ৰত ভীষণ অসুবিধাৰ সন্মুখীন হ’বলগা হৈছে বিদ্যালয়সমূহে।

কিয়নো বৰপেটা জিলাৰ বৰপেটা প্ৰাথমিক শিক্ষা খণ্ডৰ গুণোৎসৱ হ’বলগীয়া ৩৫০ খন বিদ্যালয়ৰ ভিতৰত কমেও ৭০/৮০ বিদ্যালয়ত পানী উঠিছে। ইয়াৰে কোনো বিদ্যালয়ত ৪/৫ ফুটকৈ পৰ্যন্ত পানী উঠিছে। বিদ্যালয়সমূহত পৰীক্ষা অনুষ্ঠিত কৰা দূৰৈৰ কথা কিছুমান বিদ্যালয়ত যাবলৈ বাট-পথ নাইকিয়া হৈছে। নাওঁ বা অন্য পদ্ধতিৰে বিদ্যালয়ত উপস্থিত হ’লেও ল’ৰা-ছোৱালী বিদ্যালয়ত কেনেকৈ উপস্থিত হ’ব ।

ল’ৰা ছোৱালী বিদ্যালয়ত উপস্থিত হ’লেও পৰীক্ষা কেনেকৈ দিব কিয়নো বহুতো বিদ্যালয়ত ডেক্স-বেঞ্চ পানীৰ তলত। তেনেকুৱা সময়ত এই বানপানীৰ মাজত গুণোৎসৱ বিভাগে কেনেকৈ পালন কৰিব সেয়া ৰাইজে বুজিব পৰা নাই। জিলাখনৰ অন্যান্য ঠাইৰ লগতে বৰপেটা প্ৰাথমিক শিক্ষা খণ্ডৰ বিভিন্ন ঠাইত বানপানী হোৱাৰ পিছতো এতিয়ালৈকে চৰকাৰে জিলাখনৰ গুণোৎসৱৰ বাতিল নকৰাটো ৰহস্যজনক।

বানপানীৰ বাবে চৰকাৰে ইতিমধ্যে হাইলাকান্দি,হোজাই আৰু দক্ষিণ শালমাৰাৰ গুণোৎসৱ বাতিল কৰিছে। বৰপেটাত ইমান বানপানী হোৱাৰ পিছতো চৰকাৰে কি কাৰণত গুণোৎসৱ এতিয়ালৈকে বাতিল কৰা নাই সেয়া কাৰো বোধগম্য হোৱা নাই।

বৰপেটা প্ৰাথমিক শিক্ষা খণ্ডৰ ১০৩৭ উত্তৰ ছাগলছাৰী প্ৰাথমিক বিদ্যালয়, ২ নং পূব বৰলা প্ৰাথমিক বিদ্যালয়, ৮৫২ নং উত্তৰ ছাগলছাৰী প্ৰাথমিক বিদ্যালয়,খৰধৰা পূব চোপা প্ৰাথমিক বিদ্যালয়, কাহিকুছি পশ্চিম চোপা প্ৰাথমিক বিদ্যালয়,উত্তৰ-পূব কাহিকুছি প্ৰাথমিক বিদ্যালয়, কাঠালকুৰ প্ৰি ছিনিয়ৰ মাদ্ৰাছা, হাঁহচৰা উত্তৰ চুবুৰী প্ৰাথমিক বিদ্যালয়,বাগোদী পশ্চিম পাৰা প্ৰাথমিক বিদ্যালয়,দক্ষিণ ফিঙুৱা প্ৰাথমিক বিদ্যালয়,১৯৫২ নং গাড়ীভিটা প্ৰাথমিক বিদ্যালয়, ১৪৬৫ নং কাৱৈমাৰী ১২ নং ব্লক প্ৰাথমিক বিদ্যালয়,১৬১০ নং কাৱৈমাৰী ১২ নং ব্লক প্ৰাথমিক বিদ্যালয়, ১৪৬৪ নং কাৱৈমাৰী ৩ নং ব্লক প্ৰাথমিক বিদ্যালয়, লাচিত বৰফুকন এম ই স্থুল, ১০ নং ব্লক কাৱৈমাৰী প্ৰাথমিক বিদ্যালয়, কাৱৈমাৰী ১১নং ব্লক জীৱন লতা প্ৰাথমিক বিদ্যালয়,১৭১২ নং কয়াকুছি পাম বালিকা প্ৰাথমিক বিদ্যালয়, জালকাৰা পশ্চিম চোপা প্ৰাথমিক বিদ্যালয়, ১৬১৯ নং পানী মৰিছা পাথাৰ প্ৰাথমিক বিদ্যালয়, কপাহৰটাৰী প্ৰাথমিক বিদ্যালয়,ঠেকা গাওঁ প্ৰাথমিক বিদ্যালয়,১৯৪৪ নং পানী মৰিছা পাথাৰ প্ৰাথমিক বিদ্যালয়,১৬০৮ নং পানী মৰিছা প্ৰাথমিক বিদ্যালয়, ছাপাৰবড়ী প্ৰাথমিক বিদ্যালয়, বামুন্দী এম ই স্কুল,১৭৩০ নং এৰা কাছাৰীপাৰা প্ৰাথমিক বিদ্যালয়, দক্ষিণ পাকা এম ই স্কুল,১৪৬৩ নং বাগাৰীতল জানপাৰ প্ৰাথমিক বিদ্যালয়,১৭১৯ নং জনতা ভেহাৰতল কাৱৈমাৰী প্ৰাথমিক বিদ্যালয়, পূব পাকা বড়ো এই ই স্কুল,১৩৩৫ নং খৈৰাট্টাৰী প্ৰাথমিক বিদ্যালয়,দক্ষিণ জালকাৰা প্ৰাথমিক বিদ্যালয়, ঠেকা পাথাৰ প্ৰাথমিক বিদ্যালয়,কয়াকুছি মিলন এম ই স্কুল,খৰধৰা ছলিম মেমোৰিয়েল এম ই মাদ্ৰাছা,১৬০৪ নং কাৱৈমাৰী ৬ নং ব্লক প্ৰাথমিক বিদ্যালয়,কাৱৈমাৰী ঘ ব্লক অতিৰিক্ত প্ৰাথমিক বিদ্যালয়,১৩৭০ নং বাথনাৰটাৰী প্ৰাথমিক বিদ্যালয়,৩৮৭ নং পাৰাহকুছি প্ৰাথমিক বিদ্যালয়,১১৪৫ নং কালাতলী প্ৰাথমিক বিদ্যালয়,৬৮২ নং মেধীৰটাৰী প্ৰাথমিক বিদ্যালয়,৬০৭ নং মৰিপুৰ প্ৰাথমিক বিদ্যালয়,১৯৫০ নং পাৰাহকুছি প্ৰাথমিক বিদ্যালয়,৩৯ নং কাছকৰী প্ৰাথমিক বিদ্যালয়,৮৯৩ নং বতিয়া প্ৰাথমিক বিদ্যালয়,বহুৰাম খেৰকটাৰী প্ৰাথমিক বিদ্যালয়, দক্ষিণ পাকা প্ৰাথমিক বিদ্যালয়,১৯৪৯ নং নককে কৰাগাড়ী ঘ ব্লক প্ৰাথমিক বিদ্যালয়,জনপ্ৰিয় এম ই স্কুল,১৩৮৭ নং কাৱৈমাৰী ৮ নং প্ৰাথমিক বিদ্যালয়,১৩৫১ নং কাৱৈমাৰী ৭ নং ব্লক প্ৰাথমিক বিদ্যালয়,এম এন টি এম ই মাদ্ৰাছা, হানিফুল উদ্যান প্ৰাথমিক বিদ্যালয়,কিৰকিৰা অতিৰিক্ত অংশ প্ৰাথমিক বিদ্যালয়,উত্তৰ নলীগাঁও বালিকা প্ৰাথমিক বিদ্যালয়,উত্তৰ পিঠাদি প্ৰাথমিক বিদ্যালয়,১৪৪৬ নং কাৱৈমাৰী ১০ নং ব্লক প্ৰাথমিক বিদ্যালয়,১৪৪৬ নং কাৱৈমাৰী ১০ নং ব্লক প্ৰাথমিক বিদ্যালয়, ১৯৭৩ নং কাৱৈমাৰী নৱ জাগৰণ প্ৰাথমিক বিদ্যালয়,১৯৪৫ নং কৰাগাড়ী ৯ নং ব্লক প্ৰাথমিক বিদ্যালয়,১০৩৮ নং তেলেৰীয়া প্ৰাথমিক বিদ্যালয়,১০৮১ নং কয়াকুছি পাম প্ৰাথমিক বিদ্যালয়,১৬১৯ নং পানী মৰিছা পাথাৰ প্ৰাথমিক বিদ্যালয়,পূব ৰহমপুৰ প্ৰাথমিক বিদ্যালয়, পূব চকা বাউসী প্ৰাথমিক বিদ্যালয়,৭৪৫ নং বৈঠাভাংগা প্ৰাথমিক বিদ্যালয়,৩৪০/২ কয়াকুছি গাওঁ প্ৰাথমিক বিদ্যালয়,১৯৪৬ নং কয়াকুছি গাওঁ বালিকা প্ৰাথমিক বিদ্যালয়,১৬১৮ পূব কপাহৰটাৰী প্ৰাথমিক বিদ্যালয়,১৬০৭ নং কপাহৰটাৰী প্ৰাথমিক বিদ্যালয়, মধ্য বৰবাৰাদী প্ৰাথমিক বিদ্যালয়,১৬১৩ নং কাৱৈমাৰী ৪ নং ব্লক প্ৰাথমিক বিদ্যালয়,১৭৫৬ নং কাৱৈমাৰী ঘ ব্লক প্ৰাথমিক বিদ্যালয়, বামুন্দী ৰনঞ্জয় বালিকা প্ৰাথমিক বিদ্যালয়,নামশলা পল্লাৰপাৰ প্ৰাথমিক বিদ্যালয়, ১১৭৯ নং এৰা বৈঠাভাংগা প্ৰাথমিক বিদ্যালয়, ১৩৮ নং এৰা প্ৰাথমিক বিদ্যালয়, দক্ষিণ পাকা এম ই স্কুল,১১৮১ নং শলীৰপাথাৰ প্ৰাথমিক বিদ্যালয়,হেলছা নলীৰ পাম এম ই মাদ্ৰাছা,১০৮০ নং পিঠাদি প্ৰাথমিক বিদ্যালয়,মিলন প্ৰাথমিক বিদ্যালয়,৭২৪ নং নেউলাৰভিটা প্ৰাথমিক বিদ্যালয়,১০১২ নং নেউলাৰভিটা প্ৰাথমিক বিদ্যালয়,১৩০০ নং নেউলাৰভিটা প্ৰাথমিক বিদ্যালয় ইত্যাদি বানৰ কবলত পৰিছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/LMBblth
via IFTTT

Comments