সদৌ অসম মুৱাইথাইত প্ৰতিযোগিতাত বৰহোলা নগাবাটৰ মুৱাইথাই এছ’চিয়েছনৰ ২৬ পদক অৰ্জন

ডিজিটেল সংবাদ বেকাজান: সদৌ অসম এমেচাৰ মুৱাইথাই সন্থাৰ উদ্যোগত আৰু কামৰূপ জিলা এমেচাৰ মুৱাইথাই শাখাৰ সহযোগত সোণাপুৰ মহাবিদ্যালয়ৰ ইনড’ৰ ষ্টেডিয়ামত ১৩ মে’ৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত ১৮ সংখ্যাক সদৌ অসম এমেচাৰ মুৱাইথাই চেম্পিয়নশ্বিপত যোৰহাট জিলাৰ নগাবাট-বৰহোলা মুৱাইথাই এচ’চিয়েছনৰ পৰা ২৮ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰি ২৬ টা পদক আজুৰি আনিবলৈ সক্ষম হয়।

ল’ৰা-ছোৱালী উভয় শাখাৰ ছাব-জুনিয়ৰ, জুনিয়ৰ, যুৱ আৰু ছিনিয়ৰ পৰ্যায়ত অনুষ্ঠিত প্ৰতিযোগিতাখনত নগাবাট-বৰহোলা মুৱাইথাই এচ’চিয়েছনে ৯ টা সোণ, ৯ টা ৰূপ আৰু ৮ টা ব্ৰঞ্জ পদক লাভ কৰি সমগ্ৰ যোৰহাট জিলাবাসীক গৌৰাম্বিত কৰিছে। প্ৰশিক্ষক শান্তনু ৰাজখোৱাৰ তত্ত্বাৱধানত যোৱা দলটোৰ বিউতি গগৈ, নয়নিকা বড়ো, যাছনৌ চুতীয়া, চন্দনজ্যোতি গগৈ, বিবেক জ্যোতি গগৈ, হিৰুমণি সন্দিকৈ, ছানিয়া বৰুৱা, জিণ্টু সোণোৱাল, ধৰ্মেন্দ্ৰ কছাৰীয়ে সোণৰ পদক লাভ কৰা বিপৰীতে মুকুন্দ গগৈ, মুনমী সোণোৱাল, বাস্তৱ কছাৰী, দিপাংকৰ শইকীয়া, পিংকী শইকীয়া, কৌশিক ৰাজখোৱা, দীয়া বৰা, সুমিত্ৰা গগৈ, প্ৰাণদীপ সোণোৱালে ৰূপৰ পদক আৰু শিৱ প্ৰসাদ বৰুৱা, সুমন কছাৰী, মৃণাল বৰা, প্ৰিয়ংকা সোণোৱাল, অচ্যুত্য শইকীয়া, বিনয় বৰুৱা, দুৰ্লভ বুঢ়াগোহাঁই, উৎপল কছাৰীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

খেলুৱৈসকলক বৃহত্তৰ বৰহোলা নগাবাট, অঞ্চলৰ বহুকেইগৰাকী সচেতন লোক আৰু দল-সংগঠনে অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিছে। পৰ্যাপ্ত সা-সুবিধা আৰু উপযুক্ত প্ৰশিক্ষণেৰে এইসকল খেলুৱৈক আৰু অধিক আগবঢ়াই নিলে এদিন ৰাজ্যৰ নাম জিলিকাব পৰা প্ৰতিভাসম্পন্ন খেলুৱৈ ওলাব বুলিও স্থানীয় ৰাইজে আশা প্ৰকাশ কৰিছে। উল্লেখ্য যে প্ৰতিযোগিতাখনত যোৰহাট জিলাই মুঠ ৮৩ টা পদক লাভ কৰি চেম্পিয়নশ্বিপ অৰ্জন কৰিছিল।

ক্লিক কৰি পঢ়কঃ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহত ১৪৪ ধাৰা জাৰিঃ চলাব নোৱাৰিব এটা ইঞ্জিনযুক্ত ফেৰী…



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/iorQjxV
via IFTTT

Comments