সৰুক্ষেত্ৰীত দুই পৰিয়ালৰ দীৰ্ঘদিনীয়া সংঘাতৰ কৰুণ পৰিণতিঃ প্ৰাণ গ’ল যুৱকৰ…

ডিজিটেল সংবাদ, কয়াকুছিঃ নৱগঠিত বজালী জিলাৰ কাৱৈমাৰী ৯ নং ব্লকত শুকুৰবাৰে সংগঠিত হয় এক মাৰপিটৰ ঘটনা। শুকুৰবাৰে বিয়লী প্ৰায় তিনি বজাত সংগঠিত হোৱা এই মাৰপিটৰ ঘটনাত নিহত হয় মিৰজান আলীৰ একমাত্ৰ পুত্ৰ নজৰুল ইছলাম। জানিব পৰা মতে কাৱৈমাৰী ৯ নং ব্লকৰ মিৰজান আলীৰ পৰিয়ালৰ ওপৰত একেখন গাঁৱৰে আজিম উদ্দিনে তেওঁৰ তিনি পুত্ৰ আৰু পৰিয়ালৰ আন সদস্যক লগত লৈ আক্ৰমণ চলায়। কাঠৰ বাটাম, ডেগাৰ আদিৰে আজিম উদ্দিনৰ পৰিয়ালে মিৰজান আলীৰ পৰিয়ালৰ ওপৰত অতৰ্কিতে চলোৱা আক্ৰমণত মূৰত বেয়াকৈ আঘাতপ্ৰাপ্ত হয় নজৰুল ইছলাম।
আঘাতপ্ৰাপ্ত নজৰুল ইছলামক ততাতৈয়াকৈ সৰ্থেবাৰীৰ ৩০ খন বিছনাযুক্ত সৰুক্ষেত্ৰী গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। মিৰজান আলীৰ একমাত্ৰ পুত্ৰ তথা দুই সন্তানৰ পিতৃ নজৰুল ইছলামক আই চি ইউত ভৰ্তি কৰা হয় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু হয়। নজৰুল ইছলামৰ মৃত্যুৰ খৱৰ বিয়পি পৰাৰ লগে লগে উত্তেজিত ৰাইজে অগ্নিসংযোগ কৰে আজিম উদ্দিনৰ বাসগৃহত।
ফলত সম্পূৰ্ণ ৰূপে ভষ্মিভূত হয় আজিম উদ্দিনৰ বাসগৃহ। সৰ্থেবাৰী আৰু বালাপাৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে তদন্ত আৰম্ভ কৰিছে। উল্লেখযোগ্য যে আজিম উদ্দিনৰ কণিষ্ঠ পুত্ৰ আমিদুল ইছলামৰ সৈতে মিৰজান আলীৰ কণ্যাৰ বিবাহ সম্পন্ন হোৱাৰ পিছৰে পৰা দুই পৰিয়ালৰ মাজত চলি আছিল সংঘাত। ইতিমধ্যে মিৰজান আলী আজিম উদ্দিনৰ পুত্ৰ বোৱাৰী তথা তেওঁৰ কণ্যাক তেজ্য পুত্ৰী ঘোষণা কৰিছে। ইয়াকে লৈ আজিম উদ্দিন আৰু মিৰজান আলীৰ পৰিয়ালৰ মাজত সংঘাত
আৰু বৃদ্ধি পাইছিল।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/afP8OkA
via IFTTT
Comments
Post a Comment