থানা জ্বলোৱা অভিযুক্তৰ ঘৰত উদ্ধাৰ পিস্তল, গুলী,নিচাযুক্ত টেবলেট

ডিজিটেল সংবাদ,নগাঁও: বটদ্ৰবা আৰক্ষী থানাৰ আক্ৰমণ , অগ্নি সংযোগৰ ঘটনাৰে জড়িত ইমান আলিৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে এটা পিস্তল ৷ লগতে উদ্ধাৰ কৰা হৈছে চাৰি ৰাউণ্ড নাইন এম এমৰ গুলী ৷ ইমান আলিক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷

আলিৰ বাসগৃহ দেওবাৰে পুৱা ভাগত আৰক্ষীয়ে জেচিবি লগাই ভাঙি দিছিল ৷ আৰক্ষীৰ অভিযানতে ইমানৰ ঘৰৰ পৰা পিস্তল,গুলি উদ্ধাৰ কৰা হৈছে ৷ আক্ৰমনৰ ঘটনাৰে জড়িত মুজিবুৰ ৰহমান নামৰ আন এজন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ মুজিবুৰৰ ঘৰৰ পৰা ড্ৰাগছ হিচাপে ব্যৱহাৰ হোৱা ৬৫০০ নিচায়ুক্ত টেবলেট উদ্ধাৰ কৰিছে অভিযানকাৰী আৰক্ষীয়ে ৷

থানা আক্ৰমনৰে জড়িত মূল অভিযুক্ত সকলা ভিতৰত ৬ জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ গ্ৰেপ্তাৰ হোৱা সকলৰ ভিতৰত আছে ৰফিকুল ইছলাম,মুজিবুৰ ৰহমান, আনোৱাৰ হুছেইন,ছবিনা খাতুন,ৰছিদা খাতুন,আনোৱাৰ হুছেইন ৷ ইয়াৰ বাহিৰেও ১২ জন লোকক আটক কৰি আৰক্ষীয়ে সোধপোচ চলাই আছে ৷

বটদ্ৰবা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কুমুদ গগৈক নিলম্বিত কৰাৰ পিছত এক নিৰ্দেশ যোগে সঞ্জীৱ লাহনক বটদ্ৰবাৰ নতুন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে নিয়ুক্তি দিয়া হৈছে ৷ লগতে বটদ্ৰবাৰ সকলো বিষয়া কনিষ্টবলক ৰিজাৰ্ভ ক্ল’জ কৰাৰ পিছত নতুন ষ্টাফ নিয়োগ কৰা হৈছে ৷


আৰু পঢ়ক: মোডীৰ কামত সন্তুষ্ট ৪৪.৭৭ শতাংশ ভাৰতীয়, জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব…



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/vZLebSk
via IFTTT

Comments