ধুবুৰীত কেন্দ্ৰীয় মন্ত্ৰী অজয় ভাটঃ আকাংক্ষিত জিলা কাৰ্যসূচীৰ পৰ্যালোচনাৰে জিলা প্ৰশাসনক প্ৰশংসা…

ডিজিটেল সংবাদ ধুবুৰীঃ ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰণালয় আৰু পৰ্যটন মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী অজয় ভাটে আজি এদিনীয়া কাৰ্যসূচীৰে ধুবুৰীলৈ আহি ধুবুৰী জিলাত ৰূপায়ন হৈ থকা আকাংক্ষিত জিলা কাৰ্যসূচীসমূহৰ বুজ লয়৷ মন্ত্ৰীগৰাকীয়ে ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আকাংক্ষিত জিলা কাৰ্যসূচী ৰূপায়নৰ দায়িত্বত থকা শিক্ষা, কৃষি, সমাজ কল্যাণ, স্বাস্থ্য, পশুপালন আদি বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে এখন পৰ্যালোচনা বৈঠকত ভাগ লয়৷

জিলা উপায়ুক্ত অন্বামুথন এম পি, আৰক্ষী অধীক্ষক অভিজিত গুৰাৱ, জিলা উন্নয়ণ আয়ুক্ত কান্তা দাস, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিত গোস্বামী, বিলসীপাৰাৰ মহকুমাধিপতি জয় শিৱানী প্ৰমুখ্যে জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত মন্ত্ৰীগৰাকীয়ে কয় যে ধুবুৰীক আকাংক্ষিত জিলা হিচাপে ঘোষণা কৰাৰ আগৰ আৰু বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে আমি স্পষ্টভাৱে জানিব লাগিব৷

তেওঁ স্বাস্থ্য, শিক্ষা, কৃষিখণ্ডৰ লগতে বিনামূলীয়া ৰেচন যোগান, প্ৰধানমন্ত্ৰী আৱাস যোজনা, প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা, উজ্জ্বলা যোজনা, জল জীৱন মিছন, স্বচ্ছ ভাৰত অভিযান আদি ৰূপায়নৰ শেহতীয়া বিভিন্ন তথ্য জানিবলৈ বিচাৰে আৰু সকলো তথ্য তেওঁলৈ জিলা উপায়ুক্তৰ জৰিয়তে শীঘ্ৰে প্ৰেৰণ কৰিবলৈ কয়৷

তেওঁ কয় যে, তেওঁ তথ্যসমূহ প্ৰধানমন্ত্ৰীৰ ওচৰত দাখিল কৰিব আৰু আকাংক্ষিত জিলা হিচাপে ধুবুৰী জিলাই আশানুৰূপ ফল প্ৰদৰ্শন কৰা দেখিলে প্ৰধানমন্ত্ৰীয়ে যথেষ্ট সুখী হ’ব৷ বৈঠকৰ পিছতে সাংবাদিকৰ সৈতে কৰা বাৰ্তালাপত কেন্দ্ৰীয় মন্ত্ৰীগৰকীয়ে কয় যে উন্নয়ণৰ বাবে সকলোৱে সমান অধিকাৰ আৰু সুবিধা লাগে৷ সেয়ে প্ৰধানমন্ত্ৰী মোডীয়ে ধুবুৰীকে ধৰি দেশৰ একাংশ পিছপৰা জিলাক বিশেষ গুৰুত্ব প্ৰদানেৰে আকাংক্ষিত জিলা হিচাপে চিহ্নিত কৰিছে৷

তেওঁ কয় যে, আকাংক্ষিত জিলা কাৰ্যসূচী ৰূপায়নৰ বৰ্তমান স্থিতি জানিবলৈ তেওঁ ধুবুৰীলৈ আহিছে৷ জিলা প্ৰশাসনৰ কামৰ প্ৰশংসা কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, ‘জিলাখনৰ যথেষ্ট উন্নতি হৈছে৷ বিকাশৰ গতি বাঢ়িছে৷ জিলা উপায়ুক্তসহিতে সকলো বিষয়াই দিনে-নিশাই কৰা কামৰ সুফল দেখা পোৱা গৈছে৷ ধুবুৰীত প্ৰধানমন্ত্ৰীৰ ভিছন সফল হৈছে৷ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলো বিষয়ৰ ওপৰত নজৰ ৰাখি সামগ্ৰিকভাৱে ৰাজ্যখনক আগবঢ়াই নিছে৷’

ইয়াৰ পূৰ্বে গুৱাহাটীৰ পৰা হেলিকপ্টাৰেৰে ধুবুৰীত উপস্থিত হৈ তেওঁ প্ৰথমে বি এন মহাবিদ্যালয়ত এন চি চি কেডেটৰ সৈতে এক মত বিনিময় কাৰ্যসূচীত ভাগ লয়৷ তাৰ পৰা পোনে পোনে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ধুবুৰী আৰু ফুলবাৰী সংযোগী নিৰ্মীয়মান দলঙখনৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লয়৷ পৰ্যালোচনা বৈঠকৰ পিছতে বিয়লি ধুবুৰী আৱৰ্ত ভৱণত স্থানীয় নাগৰিকৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মতবিনিময় কৰে৷

ক্লিক কৰি পঢ়কঃ মানকাচৰৰ চাৰবাৰীত বাহনসহ ৬০ বস্তা সমবায় সমিতিৰ চোৰাং চাউল জব্দ…



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/02I3rRg
via IFTTT

Comments