মঙলদৈত বিনামূলীয়া স্বাস্থ্য শিবিৰ…

ডিজিটেল সংবাদ মঙলদৈঃ ৰাজ্যখন প্ৰথমটো বানৰ কৱলত থকাৰ সময়তে শনিবাৰে মঙলদৈত জেব্ৰা ফৰ্চৰ উদ্যোগত আৰু ডাঃ ভৱ দাস ফাউণ্ডেচনৰ সহযোগত হেলথ্ চিটী হস্পিতেলৰ বিনামূলীয়া স্বাস্থ্য সেৱা শিবিৰ।

স্বাস্থ্য শিবিৰত হেলথ্ চিটি হস্পিটেল অস্ত্ৰোপ্ৰচাৰ বিভাগৰ ডাঃ অতনু বৰঠাকুৰ, ই এন টি বিভাগৰ ডাঃ বিকাশ চৌধুৰী, ডাঃ কল্পনা চৌধুৰী, মেডিচিন বিভাগৰ ডাঃ সোনালী বি. ভূঞা, ডাঃ ভূমিতা নাথ , পৰাগ জ্যোতি দত্ত সুৰজিৎ বৰুৱা আদি চিকিৎসকে ৰোগী সকলক চিকিৎসা প্ৰদান কৰে।

শিবিৰত প্ৰায় দুশতকৈও অধিক লোকে বিভিন্ন ৰোগৰ চিকিৎসা লাভ কৰে। পৰবৰ্তী সময়ত কেঞ্চাৰৰ প্ৰথম পৰ্য্যায়ৰ চিকিৎসা, শিশুৰ হাৰ্টৰ চিকিৎসা, চৰ্মৰোগ আদিৰ চিকিৎসা হেলথ্ চিটিৰ জৰিয়তে চিকিৎসা প্ৰদান কৰিব।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2jNRDos
via IFTTT

Comments