কপিলী-কলঙৰ জলপৃষ্ঠ হ্ৰাস পালেও বানাক্ৰান্ত গাঁৱৰ সংখ্যা বৃদ্ধিঃ ১৬২ গৰ্ভৱতী মহিলা আশ্ৰয় শিবিৰত …

ডিজিটেল সংবাদ,নগাঁও: নগাঁৱত কপিলী, কলঙৰ জলপৃষ্ঠ হ্ৰাস পাইছে যদিও বিভিষিকা কমা নাই ৷ কপিলী আৰু কলঙ সূঁতি বৰ্তমানেও বিপদসীমাৰ ওপৰতে আছে ৷ কামপুৰ ৰাজহ চক্ৰৰ যোগাযোগ বিচিন্ন হৈ আছে ৷ কপিলী নদীৰ জলপৃষ্ঠ সোমবাৰে বিপদসীমাৰ ৬৯ চেন্টমিটাৰ ওপৰেদি বৈ আছে ৷ কলঙ নগাঁৱত ১.৩৯ মিটাৰ আৰু ৰহাত ৯৫ চেন্টিমিটাৰ ওপৰেদি বৈ আছে ৷ ইফালে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদসীমা অতিক্ৰম কৰা নাই যদিও জলপৃষ্ঠ বৃদ্ধি পাই আছে ৷ দেওঁবাৰতকৈ সোমবাৰে নগাঁৱত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ২৪ চেন্টিমিটাৰ বৃদ্ধি পাইছে ৷

কামপুৰ ৰাজহচক্ৰত সোমবাৰেও ৯৮ খন ৰাজহ গাঁও প্লাবিত হৈ আছে ৷ নগাঁও ৰাজহ চক্ৰত ৬৮ খন ৰাজহ গাঁও প্লাবিত হৈ আছে ৷ দেওবাৰে ৫৬ খন গাঁও প্লাবিত হৈ আছিল ৷ এদিনৰ ১২ খন গাঁও বেছিকৈ প্লাবিত হৈছে ৷ ৰহা ৰাজহ চক্ৰত ৮৪ খন গাঁও প্লাবিত হৈ আছে ৷ দেওঁবাৰৰ পিছত ১ খন গাঁও নতুনকৈ প্লাবিত কৰিছে ৷

নতুনকৈ জিলাখনত বানত আক্ৰান্ত হৈছে ৫২৩৭ জন লোক বানৰ কবলত পৰিছে ৷ সৰ্বমুঠ ৩৫১০৭০ লোক বানৰ কবলতে আছে ৷ গাঁও হিচাপত ২৫০ খন ৰাজহ গাঁও বানৰ মাজতে আছে ৷ ১৬২ টা ৰিলিফ কেম্প জিলাখনত স্হাপন কৰা হৈছে ৷

লোকনিৰ্মান বিভাগ আৰু জলসম্পদ বিভাগে দিনে নিশাই জিলা খনৰ বিভিন্ন প্ৰান্ত কাম কৰি থকা পৰিলক্ষিত হৈছে ৷ লোকনিৰ্মান বিভাগৰ ২০ টাকৈ পথ সোমবাৰৰ দিনটোত ক্ষতিসাধন হোৱাৰ বাতৰি পোৱা গৈছে ৷ ৰহাচকি হাৰিয়ামূখ মেটেকা মথাউৰি আৰু পথটো খহনীয়াৰ কবলত পৰিছে ৷ লোকনিৰ্মান বিভাগৰ মথাউৰি আৰু পথটোৰ মেৰামতিৰ কামত দিনে নিশাই বিভাগটোয়ে কাম কৰিছে ৷

কামপুৰ ৰাজহ চক্ৰৰ সকলো পথ বিধস্ত হোৱাৰ বাবে নগাঁও জিলা প্ৰশাসনে ৰেল যোগে ৰিলিফ যোগান ধৰিছে ৷ চাপৰমূখ আৰু হয়বৰগাঁও ৰেল ষ্টেচনৰ পৰা ৰেলৰ ডবা লৈ বানাক্ৰান্তৰ মাজত খাদ্য সামগ্ৰী প্ৰেৰণ কৰিছে জিলা প্ৰশাসনে ৷ বৰ্তমান নাওৱে হৈছে কামপুৰত যোগাযোগৰ একমাত্ৰ মাধ্যম ৷ চৰকাৰী ভাবে স্হাপন কৰা ৰিলিফ কেম্পত ১৬২ গৰাকী গৰ্ভৱতী মহিলাই আশ্ৰয় লৈ আছে ৷



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/hUTSp1q
via IFTTT

Comments