আম পাৰিবলৈ গৈ পুখুৰীত পৰি যুৱতীৰ সলিল সমাধি…

ডিজিটেল সংবাদ ,ধেমাজি ‘: বৃহস্পতিবাৰে বিয়লি ধেমাজি জিলাৰ মাছখোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত চিচিমুখ গাঁও পঞ্চায়তৰ লোটাচুৰ টাইদ গাঁওত বাৰীৰ আম পাৰিবলৈ গৈ পুখুৰীত পৰি য়াপিঅ টাইট (২৬) নামৰ যুৱতী গৰাকী সলিল সমাধি হয় ৷

পিছত জিলা প্ৰশাসনৰ নিৰ্দেশত এচ .ডি. আৰ. এফ বাহিনীৰ দলে অভিযান চলাই যুৱতী গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে ৷ ইফালেদি আজি কেইবাদিনো ধৰি নেৰানেপেৰা বৰষুণৰ ফলত জীয়াঢল আৰু কুমতীয়া নদী পানী বাঢ়িছে ৷ ধেমাজি ৰাজহ চক্ৰৰ অন্তৰ্গত হেচুলী আৰু বৰুৱা লালুং গাঁও দুখনত বানে বিধৱস্ত কৰিছে।

ধেমাজি ৰাজহ চক্ৰৰ ৰাজহ চক্ৰ বিষয়া অচ্যুত বৰুৱাই জনোৱা মতে হেচুলীত নদীৰ বাঢ়নী পানী নহয় বৰষুণৰ পানীয়ে অসুবিধা কৰাৰ বিপৰীতে বৰুৱা লালুং গাওঁত ৰাই নদীয়ে গাওঁখনৰ ১৫৫ টা পৰিয়াল ক্ষতিগ্ৰস্ত কৰিছে ৷ চক্ৰ বিষয়া গৰাকীয়ে উল্লেখ কৰা মতে অঞ্চলটোৰ গাওঁখনত মুঠ ৬৪৪ টা পৰিয়াল আছে আৰু গাওঁখনৰ বিধৱস্তৰ
পৰিয়াল সমূহৰ ক্ষয় ক্ষতি পৰিমান ইতিমধ্যে বুজ লোৱা হৈছে বুলিও জানিবলৈ দিছে। একেৰাহে বহু কেইদিন ধৰি হোৱা বৰষুণৰ ফলত ধেমাজি নগৰখনৰ বাট – পথকে ধৰি ধেমাজি ৰাজহ চক্ৰৰ অধীনস্থ সকলোতে ৰাইজে জীয়াতু ভূগিছে ৷


ৰু পঢ়ক: অসমৰ সাহিত্য সংস্কৃতিত নৱ প্ৰজন্মই নেতৃত্ব গ্ৰহণ কৰিব লাগিব: কুলধৰ শইকীয়া



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/Hl81nJe
via IFTTT

Comments