পোনপ্ৰথমবাৰৰ বাবে হিন্দী সাহিত্যই আজুঁৰি আনিলে Booker Prize…

ডিজিটেল ডেস্কঃ দেশবাসীৰ বাবে গৌৰৱৰ ক্ষণ। সাহিত্যৰ অস্কাৰ হিচাপে খ্যাত আন্তৰাষ্ট্ৰীয় বুকাৰ সন্মান আজুৰি আনিলে এগৰাকী ভাৰতীয় সাহিত্যিকে। তেওঁ হৈছে গীতাঞ্জলী শ্ৰী। উপন্যাস ‘Tomb of Sand’ ৰ বাবে ২০২২বৰ্ষৰ বুকাৰ সন্মান লাভ কৰে ভাৰতীয় সাহিত্যিকগৰাকীয়ে। উল্লেখ কৰা প্ৰয়োজন যে, হিন্দী উপন্যাসৰ বাবে এয়াই হৈছে প্ৰথমটো বুকাৰ সন্মান।
Tomb of Sand’ উপন্যাস খন হৈছে হিন্দীৰ ‘ৰেট সমাধি’ৰ ইংৰাজী অনুবাদ। ইপিনে এই সন্মান লাভ কৰাৰ পাছতে সাহিত্যিক গৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়- এয়া মোৰ বাবে বিৰল প্ৰাপ্তি। সাত সাগৰ তেৰ নদীৰ সিপাৰৰ অনুৰাগীয়েও যেতিয়া মনৰ ভাৱ বুজি পাই ইমান প্ৰশংসাৰে উপচাই পেলায় তাক শব্দৰে প্ৰকাশ কৰিব নোৱাৰি।
তেওঁ লগতে কয়- মই কেতিয়া বুকাৰ সন্মান লাভ কৰিম বুলি সপোন দেখা নাছিলো বা কল্পনাও কৰা নাছিলো। মোৰ বাবে এয়া সপোন সপোন যেন লগা এক অনুভৱ। সকলোলৈ কৃতজ্ঞতা।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/pvn05M1
via IFTTT
Comments
Post a Comment