চিৰাঙৰ বাসুগাঁৱত অচিনাক্ত যুৱকক মালবাহী ৰে’লৰ খুন্দাঃ আত্মহত্যাৰ সন্দেহ…

ডিজিটেল সংবাদ চিৰাংঃ চিৰাঙৰ বাসুগাঁও ৰে’লষ্টেচন সমীপৰ সুভাষনগৰৰ ৰে’লপথত এজন অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হয় । আজি পুৱা প্ৰায় ৬-৩০ মিনিটত নামনিমুৱা মালবাহী ৰে’লৰ খুন্দাত এই অচিনাক্ত যুৱকজনৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে ।

প্ৰত্যক্ষদৰ্শীৰ মতে পিন্ধাত নীলা ৰঙৰ জীনচ্ পেন্ট, বগা ৰঙৰ গেঞ্জী আৰু ক’লা ৰঙৰ চাৰ্ট কঁকালত বান্ধি যুৱক জনে মোৱাইল ফোনত কাৰোবাৰ সৈতে কথা পাতি পাতি ৰেলপথৰ মাজেদি গৈ থকাৰ সময়তে পিছপিনৰ মালবাহী ৰে’লে মহতিয়াই নিয়াত থিতাতে নিহত হয় যুৱক জন ।

আন এজন প্ৰত্যক্ষদৰ্শীৰ মতে শোকাবহ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ প্ৰাকমুহূৰ্তত মালবাহী ৰেলখনে নিয়মমাফিক সংকেত ধ্বনি দিছিল কিন্তু তাৰ পিছতো ৰহস্যজনক ভাৱে মোবাইলত কথা পাতি থকা যুৱকজন ৰে’লপথৰ পৰা আঁতৰি যোৱা নাছিল ।তেনেক্ষেত্ৰত এয়া আত্মহত্যা কৰিলে নে মোৱাইল ফোনত ব্যস্ত থকাৰ কাৰণে এই দুৰ্ঘটনাটো সংঘটিত হ’বলৈ পালে এয়া এতিয়াও ৰহস্যৰ আৱৰ্তত ! বাতৰি যুগুত কৰা পৰ্যন্ত দুৰ্ঘটনা স্থলীত স্থানীয় আৰক্ষী বা ৰে’ল আৰক্ষী উপস্থিত হোৱা নাই ।

ক্লিক কৰি পঢ়কঃ গোৱালপাৰাত কৰুণ ঘটনাঃ বন্যহস্তীৰ গচকত পিতৃ-মাতৃৰ সৈতে কন্যাৰ মৃত্যু…



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/z9r8dQ3
via IFTTT

Comments