দক্ষিণপাট,বৰক’লা,কৃষ্ণাইখাট আদিত ৭৫০ বিঘা ৰবি শস্য বানত জাহ

ডিজিটেল সংবাদ,বেবেজীয়া’:–নগাঁও জিলাৰ দক্ষিণ-পশ্চিম প্ৰান্তত বান পৰিস্থিতি আজি নৱম দিনাও অপৰিবৰ্তিত অৱস্থাত আছে । সম্প্ৰতি অতি জটিল ৰূপ ধাৰণ কৰা নগাঁও সদৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দক্ষিণপাট,বৰক’লা, হাতীগড়,পমুৱৈ,তুলসীমুখ,দেউৰীগাঁও,শুকনিপোতা,ননৈকচুপিত, ৰাঙলুমুখ,নৈপাম,চকৰিগাঁও,বুঢ়াগোঁহাই আদৰ্শগাঁও আদিত নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক গিৰীন্দ্ৰ কুমাৰ বৰুৱা আৰু জিলা উপায়ুক্ত নিসৰ্গ হিগৰেয়ে প্লাৱিত অঞ্চলসমূহ আজি পৰিদৰ্শন কৰি জনসাধাৰণৰ অৱস্থাৰ বুজ লয় ।

ব’হাগ-জেঠমহীয়া অহা এই পানীৰ সদৰ ৰাজহ চক্ৰৰ কৃষ্ণাইখাট- ম’হমৰীয়াৰ ৩০০বিঘা,দক্ষিণপাট -বৰক’লাৰ ২০০বিঘা আৰু নৈপাম-তুলসীমুখৰ ২৫০ ৰবিশস্য সম্প্ৰতি বানত জাহ গৈছে । উল্লেখ্য যে বছৰৰ প্ৰথমটো বানত কৃষক নেতা তথা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিৰ সভাপতি জিতেন বৰাৰ ১২বিঘা মাটিৰ জলকীয়া,ভেণ্ডি,ভাত কেৰেলা,লেচেৰা মাহ,জিকা আদি বানৰ কৱলত ।

আজিও অব্যাহত থকা কপিলী,হাৰিয়া আৰু নিশাৰী নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত জাগীয়াল বেবেজীয়া প্ৰাথমিক বিদ্যালয়,জাগীয়াল ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়,দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ,দক্ষিণপাট শ্ৰীশ্ৰী যাদৱ ৰায় প্ৰাথমিক বিদ্যালয়,বৰক’লাৰ ৮৪০নং ম’হগৰীয়া প্ৰাথমিক বিদ্যালয়ৰ লগতে দক্ষিণপাট- কামপুৰ সংযোগী গৰুবাট, দক্ষিণপাট জনস্বাস্থ্য আঁচনি,বৰক’লা জনস্বাস্থ্য আঁচনি আৰু জাগীয়াল বেবেজীয়া জলসিঞ্চন বিভাগৰ কাৰ্যালয় এতিয়াও জলমগ্ন হৈয়েই আছে ।

ইপিনে দক্ষিণপাটৰ সমীপৰ ঐতিমণ্ডিত কালিকাথানখনি বানৰ কৱলত পৰিছে । ইতিমধ্যে বৰক’লা উচ্চতৰ মাধ্যমিক, তুলসীমুখ উচ্চতৰ মাধ্যমিক, তিনিখনকৈ প্ৰাথমিক বিদ্যালয়ত প্ৰায় তিনি সহস্ৰাধিক আৰু কিছু সংখ্যক বানপীড়িত ৰাইজে দক্ষিণপাট-বৰক’লা পথৰ দাঁতিৰ ওখ স্থানত আশ্ৰয় গ্ৰহণ কৰি আছে । দক্ষিণপাট-বৰক’লা-কামপুৰ সংযোগী পথটোৰে যাতায়ত আজিও ব্যাহত হৈ আছে ।

কলং নদী উফণ্ডি উঠাৰ ফলত ভেকুলী গৰুবাট,ঘাঁহী,বৰজহা,ম’হমৰীয়া, ডাকৰঘাট,কৃষ্ণাইখাট,জাগীয়াল, পেটবঢ়া আদি অঞ্চলৰ কৃষিজীৱি ৰাইজে কৰা স্কোৱাছ,জিকা,ভেণ্ডি, বিলাহী,বেঙেনা,লেচেৰা মাহ,ভাত কেৰেলা আদি ৰবিশস্যসমূহ বাতৰি লিখা পৰ্যন্ত পানীৰ তলত ।

আৰু পঢ়ক: নতুন শিক্ষা নীতি আৰু মুখ্যমন্ত্ৰীক সমালোচনা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ সহযোগী অধ্যাপক…



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/IF15PR8
via IFTTT

Comments