মুখ্যমন্ত্ৰী মহোদয়ঃ আপোনাৰ সাক্ষাতৰ বাবে ৰৈ আছে এগৰাকী ৮৫বছৰীয়া আইতা…

ডিজিটেল সংবাদ,শিৱসাগৰঃ এখন গ্ৰন্থ প্ৰকাশৰ আশাত বন্দী এগৰাকী আইতাই মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ বাবে বাৰে বাৰে চেষ্টা চলাই বিফল হৈছে ৷ তেওঁৰ নাম মুহিত্ৰী সন্দিকৈ ৷ তেওঁৰ ঘৰ শিৱসাগৰ জিলাৰ শিমলুগুৰিত ৷ প্ৰাথমিক বিদ্যালয়ৰ পৰা উতীৰ্ণ হোৱাৰ পিছতেই আনুষ্ঠানিক শিক্ষা আহৰণ প্ৰক্ৰিয়া ত্যাগ আইতাই লিখিছিল এখন উপন্যাস ৷ ২০২১ বিধানসভাৰ নিৰ্বাচনৰ সময়ত আইতা গৰাকীয়ে লগ ধৰিছিল ড° হিমন্ত বিশ্ব শৰ্মাক ৷
তদানীন্তন শিক্ষা, স্বাস্থ্য আৰু বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা শিৱসাগৰ জিলাৰ নাজিৰালৈ আহোতে আইতাই তেওঁক লগ পাইছিল ৷ ড° হিমন্ত বিশ্ব শৰ্মাক নিজৰ জীৱন যুঁজৰ ওপৰত লিখি উলিওৱা উপন্যাসৰ পাণ্ডুলিপি “মৰুভূমিত এপাহি পদুম” ছপা কৰি উলিয়াই দিবলৈ আইতাই অনুৰোধ জনাইছিল ৷
উপন্যাসখনৰ ৩০০ পৃষ্ঠাৰ পাণ্ডুলিপি হাতত লৈ বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে উপন্যাসখন ছপোৱাৰ আশ্বাস আইতাক প্ৰদান কৰিছিল ৷ কিন্তু পাণ্ডুলিপিটো উপন্যাসা আকাৰে ছপা আাখৰত চোৱাৰ আজি পৰ্যন্ত হেঁপাহ পূৰ নহ’ল আইতাৰ ৷ ড° হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ’ল ৷
দিন,মাহ গৈ গৈ বছৰ পাৰ হ’ল । আইতাৰ সপোন সপোন হৈয়ে ৰ’ল ৷ ৮৫ বছৰীয়া আইতাই যোৱা এটা বছৰত বহুবাৰ মুখ্যমন্ত্ৰীক লগ ধৰিবলৈ চেষ্টা কৰিও সাক্ষাৎ কৰিব নোৱাৰিলে ৷ মুখ্যমন্ত্ৰীক লগ পাবলৈ গুৱাহাটীও পালেগৈ আইতা । বিফল মনোৰথ লৈ উভতি আহিল আইতা ৷
দিচপুৰৰ আওভাওবোৰ আইতাই ধৰিবকে নোৱাৰিলে ৷ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ সুযোগ নেপালে ৷ উপায়ন্তৰ হৈ আইতা এইবাৰ শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয় পালেহি- যেনে তেনে উপায়ুক্তই মুখ্যমন্ত্ৰীক লগ কৰাই দিব লাগে আইতাক ৷ কাষ চাপিল সংবাদ মাধ্যমৰো ৷
আইতাৰ মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ- তেঁওৰ উপন্যাসখন ছপা কৰি দিয়ক , নহলে পাণ্ডুলিপিটো ঘূৰাই দিয়কআইতাৰ এই অনুৰোধ মুখ্যমন্ত্ৰী গৰাকীয়ে শুনিব নে? আইতাৰ জীৱন যুদ্ধৰ ওপৰত লিখা উপন্যাসখন ছপা ৰূপত প্ৰকাশ পাবনে? এতিয়া এই প্ৰশ্নই দোলা দিছে বহুজনৰ মনত…
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/PAij3zn
via IFTTT
Comments
Post a Comment