ৰজা আহিব, জনতাৰ হাৰাশাস্তি! ৬০টকাৰ ভাড়া হৈছেগৈ ১২০টকা…

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক কেন্দ্ৰ কৰি গুৱাহাটীত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰধানমন্ত্ৰীৰ সভালৈ জনতাক নিবৰ বাবে ৰাজ্যৰ প্ৰায় ১০ হাজাৰ বাছ অধিগ্রহণ৷ প্ৰধানমন্ত্ৰীৰ সভাৰ বাবে কেৱল গুৱাহাটী মহানগৰৰ প্ৰায় ৫০০ চিটিবাছ অধিগ্রহণ কৰা হৈছে৷

বাছ সেৱা বন্ধ কৰি দিয়াৰ পাছতেই হাৰাশাস্তিৰ সন্মুখীন হ’ব লগা হৈছে যাত্ৰীসকল।প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ বাবে ১০ হাজাৰ বাছ অধিগ্রহণ কৰাত ৰাজ্যজুৰি যান-বাহনৰ অভাৱৰ বাবে সাধাৰণ জনতাই অভাৱনীয় দুৰ্ভোগ ভুগিবলগীয়া হৈছে৷

গুৱাহাটীৰ পৰা গোৱালপাৰালৈ থিয় হৈ গলেই ভাড়া হৈছেগৈ ৩০০-৪০০টকা। বকোলৈ বাছত থিয় হৈ গলেই ১০০-১৫০টকা ভাড়া ভৰিব লগা হৈছে যাত্ৰীসকলে। গুৱাহাটীৰ পৰা ধুবুৰীলৈ বাছত থিয় হৈ গলে ভৰিব লগা হৈছে ৭০০-৮০০টকা।

গুৱাহাটীত আজিৰ দিনটোত প্ৰায় ৫০খনহে বাছ চলা দেখা গৈছে। যিকেইখন চলিছে, সেইকেইখনে বৃদ্ধি কৰিছে ভাড়া। ইয়াৰোপৰি বাছৰ ওপৰতো যাত্ৰী উঠি যোৱা পৰিলক্ষিত হৈছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/S1uLBAQ
via IFTTT

Comments