নতুন ৰূপত আত্মপ্ৰকাশ কৰিব কংগ্ৰেছে ! ২০২৪ ৰ পৰিকল্পনা প্ৰায় সম্পূৰ্ণ…

ডিজিটেল ডেস্কঃ কংগ্ৰেছক শক্তিশালী কৰাৰ মন বান্ধিছে ৰাজনৈতিক সমীক্ষক তথা পৰিকল্পনা প্ৰস্তুতকাৰি প্ৰশান্ত কিশোৰে। আনুষ্ঠানিকভাৱে কোনো দলতে বৰ্তমানলৈকে যোগদান নকৰা প্ৰশান্ত কিশোৰে কংগ্ৰেছ দলত যোগদান কৰাৰ বাট সম্পূৰ্ণ মুকলি কৰিছে। দলটোৰ হাইকামাণ্ড ছোনিয়া গান্ধীৰ উপৰিও দলটোৰ জ্যেষ্ঠ নেতাসকলৰ সৈতে বৈঠকত মিলিত হৈছে প্ৰশান্ত কিশোৰ।
সোমবাৰে প্ৰশান্ত কিশোৰে ছোনিয়া গান্ধীৰ সৈতে পুনৰ বৈঠকত মিলিত হৈছে। মাত্ৰ ৩ দিনৰ ভিতৰতে প্ৰশান্ত কিশোৰৰ ছোনিয়া গান্ধীৰ এইয়া আছিল দ্বিতীয়খন বৈঠক। ইয়াৰ পূৰ্বে ছোনিয়া গান্ধীৰ উপস্থিতিত শনিবাৰে দলটোৰ জ্যেষ্ঠ নেতাসকলৰ সৈতে বৈঠকত মিলিত হৈছিল প্ৰশান্ত কিশোৰ।
২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া দেশৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছক পুনৰ শক্তিশালী ৰূপে প্ৰতিষ্ঠা কৰাৰ বাবে কৌশল ৰচনাৰ দায়িত্ব গ্ৰহণ কৰিছে প্ৰশান্ত কিশোৰে। তেওঁ পূৰ্বেও ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ সৈতে বৈঠকত মিলিত হৈছিল। অৱশ্যে সেই বৈঠক সফল হোৱা নাছিল।
সূত্ৰ অনুসৰি প্ৰশান্ত কিশোৰে কংগ্ৰেছক কেইবাটাও প্ৰস্তাৱ দাঙি ধৰিছে। তাৰ ভিতৰত এটা হৈছে, কংগ্ৰেছে ৩৭০ খন আসনত প্ৰতিদ্বন্দিতা। তেওঁ কংগ্ৰেছ দলটোক ৰাজ্যসমূহৰ অন্যান্য দলৰ লগত মিত্ৰতা কৰি কংগ্ৰেছক ৩৭০ খন আসনত হে প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ প্ৰস্তাৱ দিছে। সংবাদ সংস্থা এএনআইত প্ৰকাশ পোৱা অনুসৰি প্ৰশান্ত কিশোৰে পৰামৰ্শ দিছে যে কংগ্ৰেছে উত্তৰ প্ৰদেশ, বিহাৰ আৰু উৰিষ্যাত অকলে যুঁজ দিব লাগে। আনহাতে তামিলনাডু, পশ্চিম বংগ আৰু মহাৰাষ্ট্ৰত মিত্ৰতা গঠন কৰিব লাগে। ৰাহুল গান্ধীয়েও এই পৰামৰ্শৰ সৈতে সন্মত হৈছে।
ছোনিয়া গান্ধীৰ ১০ জনপথ ৰোডৰ বাসগৃহত অনুষ্ঠিত হোৱা বৈঠকখনত তেওঁৰ কন্যা তথা দলৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভদ্ৰা, দলৰ জ্যেষ্ঠ নেতা মুকুল ৱাছনিক, ৰণদীপ সিং সুৰজেৱালা আৰু অম্বিকা চোনীয়ে অংশগ্ৰহণ কৰে। অৱশ্যে, প্ৰশান্ত কিশোৰ আৰু তেওঁৰ প্ৰস্তাৱক লৈ কংগ্ৰেছত যথেষ্ট অসন্তুষ্টি দেখা গৈছে বুলিও জানিব পৰা গৈছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/5KbqOhL
via IFTTT
Comments
Post a Comment