যুৱ-ছাত্ৰ পৰিষদৰ কামৰূপ মহানগৰ জিলা সমিতিৰ ‘বিহু উৰুৱা উৎসৱ’ উদযাপন…

ডিজিটেল ডেস্কঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিযদ, কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত যোৱা ৬ব’হাগ ইং ২০ এপ্রিল, ২০২২ তাৰিখে ৰাধাগোবিন্দ বৰুৱা পথত অৱস্থিত “ৰাধাগোবিন্দ বৰুৱা কলাক্ষেত্ৰ” প্রাঙ্গণত এক বর্ণাঢ্য কাৰ্য্যসূচীৰে ‘বিহু উৰুৱা উৎসৱ’ অনুষ্ঠিত কৰা হয়।

ৰাতিপুৱা ৯ বজাত পৰিষদৰ পতাকা উত্তোলনৰে ‘বিহু উৰুৱা উৎসৱ’ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। পৰিষদৰ পতাকা উত্তোলন কৰে কামৰূপ মহানগৰ জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি জিতুমনি পাটগিৰিয়ে আৰু বিহু উৰুৱা উৎসৱৰ পতাকা উত্তোলন কৰে পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য সঞ্জীৱ ৰায় চৌধুৰীয়ে।

শ্বহীদ তৰ্পন আৰু স্মৃতি তৰ্পন কৰে ক্ৰমে পৰিষদৰ কামৰূপ মহানগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক প্রদীপ মজুমদাৰ আৰু কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক মৃদুল তালুকদাৰে। উৎসৱটিৰ আন এক আকর্ষণীয় কার্যসূচী সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হয়।

দিনৰ প্রায় ১ বজাত য’ত প্ৰায় কুৰিটাতকৈও অধিক সাংস্কৃতিক দলে অংশগ্রহণ করে। সাংস্কৃতিক শোভাযাত্রা অন্ত পৰাৰ লগে লগে সম্বর্ধনা সভা আৰম্ভ হয়। সম্বর্ধিত ব্যক্তি সকল ক্রমে বিশিষ্ট ক্রীড়াবিদ অর্জুন, ভোগেশ্বৰ বৰুৱা, বিশিষ্ট সাংবাদিক ‘দা আসাম ট্ৰিবিউন’ কাকতৰ কাৰ্যবাহী সম্পাদক প্রশান্ত জ্যোতি বৰুৱা আৰু বিহু গুৰু ডাঃ প্রসন্ন গগৈ। সম্বর্ধনা সভাত সভাপতিত্ব কৰে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া অজিত বৰদলৈয়ে।

সন্ধিয়া ৬ বজাত বিহু উৰুৱা উৎসৱ’ৰ লগত সংগতি ৰাখি প্ৰকাশ পোৱা স্মৃতিগ্ৰন্থ ‘মেজেংকৰি’ উন্মোচন কৰে বিশিষ্ট গল্পকাৰ সদানন্দ গগৈয়ে আৰু সাংস্কৃতিক সন্ধিয়াৰ বন্তি প্ৰজ্বলন কৰে পৰিষদৰ মুখ্য উপদেষ্টা কমল ভৰালীয়ে। স্মৃতিগ্ৰন্থ উন্মোচন কৰাৰ পিছতে সন্ধিয়া ৬.৩০ বজাত সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্বোধন কৰে শিল্পী বিমান বৰুৱাই লগতে কেইটিমান গীতো পৰিৱেশন কৰে।

তাৰ পিছত শিল্পী কল্লোল বৰঠাকুৰ, বিৰিণা পাঠক আৰু অন্যান্য শিল্পী সকলৰ লগতে শাস্ত্রীয় সংগীতৰ সাধক ৰামকৃষ্ণ তালুকদাৰৰ দ্বাৰা পৰিচালিত গুৱাহাটী নর্তন কলা নিকেতনব শিল্পী সকলে ভোৰতাল আৰু দশ অৱতাৰ নৃত্যানুষ্ঠান পরিবেশন করে। নিশা প্রায় ১.৩০ বজাত ‘বিহু উৰুৱা উৎসৱ’ৰ সামৰণি পৰে বুলি জানিবলৈ দিয়ে উদযাপন সমিতিৰ সাধাৰণ সম্পাদক অৰণজ্যোতি মেধিয়ে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/crxLvPl
via IFTTT

Comments