কোকৰাঝাৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ত প্ৰথম ৰাষ্ট্ৰীয় আলোচনাচক্ৰ…

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ উদ্যোগত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ৰাষ্ট্ৰীয় আলোচনাচক্ৰ । Advance in sustainable chemistry and material science ৰ ওপৰত অনুষ্ঠিত হোৱা প্ৰথম ৰাষ্ট্ৰীয় আলোচনাচক্ৰত দেশৰ বিভিন্ন প্ৰান্তৰ কেবাগৰাকী প্ৰখ্যাত ৰসায়নবিদে অংশগ্ৰহণ কৰে ।
পোন প্ৰথমবাৰৰ বাবে ৰসায়ন বিভাগত অনুষ্ঠিত হোৱা উক্ত আলোচনাচক্ৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাডুসিঙে। উক্ত আলোচনাচক্ৰত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে বিটিচিৰ কাৰ্যবাহী অৰূপ দে । আলোচনাচক্ৰত মুল বক্তব্য প্ৰদান কৰে কানোৰিয়া কেমিকেল আৰু ইণ্ডাষ্ট্ৰী লিমিটেডৰ ৰিছাৰ্ছ আৰু ডেভেলপমেণ্টৰ বিভাগীয় মুৰব্বী ড: ৰাকেশ সিঙে ।
উক্ত আলোচনাচক্ৰত দেশৰ কেবাগৰাকী প্ৰখ্যাত ৰসায়নবিদে অংশগ্ৰহণ কৰে। আলোচনাচক্ৰত অংশগ্ৰহণ কৰা সমল ব্যক্তিসকলে প্ৰতিদিনে বৃদ্ধি পোৱা ৰসায়নৰ গুৰুত্ব আৰু সঠিক ব্যৱহাৰৰ ওপৰত বক্তব্য প্ৰদান কৰে । তদুপৰি নেনো টেকনোলজীৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ আহ্বান জনায়। আজিৰ আলোচনাচক্ৰত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক মঞ্জিল বসুমতাৰীকে ধৰি কেবাটাও বিভাগৰ বিভাগীয় মুৰব্বীসকল উপস্থিত আছিল ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/im5uGyJ
via IFTTT
Comments
Post a Comment