নিৰ্মীয়মান কোকৰাঝাৰ কৰ্কট চিকিৎসালয়ৰ অগ্ৰগতিৰ বুজ ল’লে মন্ত্ৰী কেশৱ মহন্তই

ডিজিটেল সংবাদ,কোকৰাঝাৰ- অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই শুকুৰবাৰে কোকৰাঝাৰৰ বেছৰগাঁৱত নিৰ্মীয়মান কোকৰাঝাৰ কৰ্কট কেয়াৰ চিকিৎসালয়খন পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয় ৷
উল্লেখ্য যে, কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ৰ একেটা চৌহদতে নিৰ্মিয়মান কৰ্কট কেয়াৰ চিকিৎসালয়খন পৰিদৰ্শন কৰি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই শীঘ্ৰে চিকিৎসালয়খন ৰাইজৰ সেৱাৰ্থে মুকলি কৰা হ’ব বুলি সদৰি কৰে ৷ সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে অহা ২৮ এপ্ৰিলত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমৰ ডিব্ৰুগড়ৰ পৰা ভিডিঅ’ কনফাৰেঞ্চ যোগে অসমৰ সাতখনৰ ভিতৰত অন্যতম কোকৰাঝাৰ কৰ্কট কেয়াৰ চিকিৎসালয়খন আনুষ্ঠানিকভাৱে মুকলি কৰিব ।
তদুপৰি অহা ২৯ এপ্ৰিলৰ পৰাই কৰ্কট চিকিৎসালয়খন নামনি অসমৰ ৰোগী তথা ৰাইজৰ সেৱাৰ উদ্দেশ্যৰে অৰ্পণ কৰা হব বুলিও মন্তব্য কৰে ৷ আজি কেশৱ মহন্তৰ পৰিদৰ্শন কালত বিধায়ক লৰেন্স ইছলাৰী, বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে , স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ উচ্চপদস্থ্য বিষয়াসকল বিভাগীয়মন্ত্ৰীক সংগ দিয়ে ।
আৰু পঢ়ক: মথুৰাপুৰ পানীবিল গাঁৱত আদৰ্শ অংগনবাড়ী কেন্দ্ৰ মুকলি মন্ত্ৰী যোগেন মহনৰ…
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/ctfZYU0
via IFTTT
Comments
Post a Comment