অন্ত পৰিল মেঘালয়ৰ গাৰো পাহাৰৰ চৰণতলা দেবীৰ মেলা

ডিজিটেল সংবাদ, মানকাচৰ: তিনিদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ব বৃহত ৫৫ সংখ্যাক চৰণতলা মেলাৰ বুধবাৰে সামৰণি পৰে। ১৮ এপ্ৰিল অৰ্থাত সোমবাৰৰ পৰা আৰম্ভ হোৱা চৰণতলা মেলাত দেশৰ ভিন্ন প্ৰান্তৰ ভক্ত সকলৰ লগতে বাংলাদেশ, নেপাল, ভূটানৰ পৰাও ভক্তৰ সমাগম ঘটিছিল।

প্ৰায় ৫ লক্ষাধিক ভক্তৰ সমাগম হোৱা এই মেলাত নিজৰ নিজৰ মন কামনা পূৰণৰ উদ্দেশ্যে চৰণতলা দেবীৰ মন্দিৰত ভক্ত সকলে উপস্থিত হৈ দেবীৰ পূজা অৰ্চনা কৰাৰ উপৰিও দেবীৰ নামত বলি দিয়া হয়। আন আন বছৰৰ তুলনাত এইবাৰ বলিৰ সংখ্যা হ্ৰাস পাইছে যদিও এইবেলিও প্ৰায় আঢ়ৈ হেজাৰ পঠা আৰু মহ বলি দিয়া হয় এই চৰণতলা মেলাত।

উল্লেখযোগ্য যে ষাঠিৰ দশকৰ এটা সময়ত চুবুৰীয়া ৰাজ্য মেঘালয়ৰ গাৰো পাহাৰৰ এই হলদিবাৰী-বাবেদপাৰাত কোচ সম্প্ৰদায়াৰ লোকৰ মাজত এক প্ৰকাৰৰ বিশেষ বেমাৰী মহামাৰীৰ সৃষ্টি কৰিছিল।বহু লোকে এই বেমাৰত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছিল। তেনে সময়ত স্থানীয় কেইজনমান জেষ্ঠ্য লোকে একে নিশাই দেবী চৰণতলাৰ সপোন দেখে। সপোনত দেবী চৰণতলাই এই বাবেদপাৰাৰ পাহাৰত আশ্ৰয় দিবলৈ অনুৰোধ জনায়।

দেবী চৰণতলাক আশ্ৰয় দিলে অঞ্চলটোত বিয়পি থকা মহামাৰী নাইকীয়া হব বুলি প্ৰতিশ্ৰুতি দিয়ে। দেবী চৰণতলাৰ এনে সপোনৰ প্ৰতিশ্ৰুতিৰ বাবেই বাবেদপাৰাৰ এই পাহাৰত গাওবাসীয়ে ১৯৬৫ চনত এটি মন্দিৰ নিৰ্মাণ কৰে। তেতিয়াৰ পৰাই দেবীক সন্তষ্টি কৰাৰ বাবে এই মন্দিৰত চৰণতলা মেলাৰ আযোজন কৰি অহা হৈছে।

১৯৬৫ চনত নিৰ্মিত দেবী চৰণতলা দেশ কালীৰ মন্দিৰত প্ৰতি বছৰৰ বহাগ মাহৰ কৃষ্ণ পক্ষৰ প্ৰথম মঙলবাৰৰ দিনা দেবীৰ নামত অনুষ্ঠিত হয় বিশেষ পুজা। দেবী চৰণতলাক সন্তষ্ট কৰাৰ উদ্দেশ্যে এই মেলাত মঙলৰবাৰৰ নিশাৰ পৰা দেবীৰ নামত ভেটি হিচাপে পাৰচৰাই, সন্দেশ, বাতসা, কল, সোন-ৰূপ, নগদ ধন আদি উচৰ্গা কৰা হয়।

তদুপৰি ভক্ত সকলৰ মনকামনা পুৰণৰ উদ্দেশ্যে নিশা ১২ বজাৰ পৰা পঠা ছাগলী বলি বিধান আৰম্ভ কৰা হয়। বুধবাৰে পুৱা ৮ বজালৈ পঠা ছাগলী বলি কৰাৰ অন্তত এটা মহ বলিৰে বলি বিধানৰ পৰম্পৰা সম্পন্ন কৰা হয়। প্ৰতি বছৰে ভক্ত সকলে প্ৰায় ১০ সহস্ৰাধিক পঠা বলিৰ বাবে মন্দিৰত লৈ আহে যদিও বলি বিধান প্ৰথাটো বন্ধ কৰাৰ বাবে কৰ্মকৰ্তা সকলে আধা সংখ্যক বলি দিয়াৰ লগতে আন আধা সংখ্যক পঠা মন্দিৰতে এৰি দিয়া হয়।

মন কৰিবলগীয়া বিষয় এয়া যে মঙলবাৰে নিশা ১২ বজাত বিশেষ পুজা অনুষ্ঠিত কৰাৰ পাছত ঠাকুৰৰ নিৰ্দেশ মৰ্মে আৰম্ভ কৰা হয় পঠা ছাগলী বলি বিধানৰ পৰ্ব। চৰণতলা মন্দিৰৰ সম্মুখত থকা মুঠ ৬ খনকৈ কাকলাৰ কেচাৰাকী ঘাতকে এই বলি বিধান কাৰ্য চলাই থাকে। বুধবাৰে পুবা ৮ বজালৈ বলি বিধান চলোৱাৰ হয়। পঠা ছাগলী বলিৰ পাছত এটা মহ বলিৰ পাছতেই বলি বিধান আৰু মেলাৰ সামৰণি পৰে।

দেশৰ লগতে বিদেশৰ পৰা অহা ভক্ত সকলেও বলিৰ বাবে পঠা ছাগলী অনা পৰিলক্ষিত হয়। কোভিড কালৰ বাবে বিগত দুটা বছৰে বাবেদপাৰাত চৰণতলা মেলা অনুষ্ঠিত হোৱা নাছিল যদিও দুটা বছৰৰ অন্তত এইবাৰ পুনৰ চৰণতলা মেলা অনুষ্ঠিত হোৱাত আশা কৰা ধৰণেই প্ৰায় ৫ লক্ষাধিক ভক্তৰ সমাগম হয়। আনহাতে আন আন বছৰ প্ৰায় ৫ সহস্ৰাধিক পঠা বলি দিয়াৰ লগতে আন ৫ সহস্ৰাধিক পঠা এৰি দিয়া হৈছিল যদিও এইবেলি মাত্ৰ আঢ়ৈ হেজাৰ পঠা বলি দি অধিকাংশ পঠা মন্দিৰ প্ৰাঙ্গনত দেবীৰ নামত উচৰ্গা কৰা হয়। মহকুমা, জিলা আৰু আৰক্ষী প্ৰশাসনৰ লগতে উদ্যোগতাকাৰী সকলৰ সহযোগত প্ৰতি বছৰৰ দৰে এইবেলিও শান্তিপূৰ্ণ ভাবে আজি পুৱাৰ ভাগত তিনিদিনীয়া মেলাৰ সামৰণি পৰে। ফলত দেশ বিদেশৰ ভক্ত সকল নিজৰ নিজৰ গন্তব্য স্থানলৈ ৰওনা হয়।

আৰু পঢ়ক: নগাঁৱত আই পি এলৰ বৃহৎ জুৱা ঘাটি উৎখাত



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/AHmgBG2
via IFTTT

Comments