আহি পহিলা ব’হাগ…

ডিজিটেল ডেস্ক: আজি অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন । আজি পহিলা ব’হাগ। পহিলা ব’হাগৰ দিনটো মানুহ বিহু হিচাপে ৰাজ্যবাসীয়ে পালন কৰে । গৰু বিহুৰ পিছদিনা উদযাপন কৰা হয় মানুহ বিহু ।

ৰাজ্যৰ চৌদিশে বিহুৰ পাৰভঙা আনন্দ- উছাহ। প্ৰতিকূল বতৰৰ মাজতো ৰাজ্যবাসীয়ে পালন কৰিছে হেঁপাহৰ বিহুটি।

আপোন জনক আগবঢ়াইছে হেঁপাহৰ বিহুৱান। কনিষ্ঠজনে জ্যেষ্যজনৰ পৰা লৈছে আশীৰ্বাদ। পহিলা বহাগৰ দিনাই ৰাজ্যৰ মন্দিৰ সমূহত দেখা গৈছে ব্যাপক ভিৰ।

এতিয়া ৰঙালীৰ ৰঙত মতলীয়া ৰাজ্যবাসী। ঢোল-পেঁপাৰ মাতত ৰজনজনাইছে অসমভূমি। অসমীয়া প্ৰতিদিন ডিজিটেলৰ তৰফৰ পৰাও আপোনালোকলৈ অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা।

আৰু পঢ়ক:”এয়া গৌৰৱৰ বিষয় যে দেশৰ প্ৰায়ভাগ প্ৰধানমন্ত্ৰী সাধাৰণ পৰিয়ালৰ পৰাই অহা”



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/vJ8zDLU
via IFTTT

Comments