গুৱাহাটী কাৰঃ ৮বজাৰ লগে লগে আৰম্ভ ভোটগণনা…

- ৮বজাৰ লগে লগে আৰম্ভ গুৱাহাটী পৌৰ নিগমৰ ভোটগণনা।
- ৬খন টেবুলত প্ৰথমে আৰম্ভ হৈছে ভোট গণনা।
- ৫৭টা ৱাৰ্ডৰ বাবে অনুষ্ঠিত হৈছিল এই নিৰ্বাচন।
- ইতিমধ্যে ৩টা ৱাৰ্ডত জয়ী হৈছে বিজেপি।
- এইবাৰৰ নিৰ্বাচনত প্ৰায় ৫৩শতাংশ ভোটদান সাব্যস্ত হৈছিল।
- প্ৰথম ষ্ট্ৰং ৰুমত ১ নং ৱাৰ্ডৰ পৰা ১০ নং ৱাৰ্ডলৈ মুঠ ৮৯ টা ভোটগ্ৰহণ কেন্দ্ৰত ব্যৱহাৰ কৰিবলগীয়া ই ভি এমসমূহ ৰখা হৈছিল।
- দ্বিতীয় ষ্ট্ৰং ৰুমত ১১ নং ৱাৰ্ডৰ পৰা ২০ নং ৱাৰ্ডলৈ ১৩১ টা ভোটগ্ৰহণ কেন্দ্ৰ, তৃতীয় ষ্ট্ৰং ৰুমত ২১ নং ৱাৰ্ডৰ পৰা ৩০ নং ৱাৰ্ডলৈ মুঠ ১১৩ টা ভোটগ্ৰহণ কেন্দ্ৰ, চতুৰ্থ ষ্ট্ৰং ৰুমত ৩১ নং ৱাৰ্ডৰ ৪০ নং ৱাৰ্ডলৈ মুঠ ১৩০ টা ভোটগ্ৰহণ কেন্দ্ৰ, পঞ্চম ষ্ট্ৰং ৰুমত ৪১ নং ৱাৰ্ডৰ পাৰ ৫০ নং ৱাৰ্ডলৈ মুঠ ১৩৯ টা ভোটগ্ৰহণ কেন্দ্ৰ আৰু ষষ্ঠ ষ্ট্ৰং ৰুমত ৫১ নং ৱাৰ্ডৰ পৰা ৬০ নং ৱাৰ্ডলৈ মুঠ ১৫৫ টা ভোটগ্ৰহণ কেন্দ্ৰত ব্য়ৱহাৰ কৰিবলগীয়া ই ভি এমসমূহ ৰখাৰ ব্যৱস্থা কৰা হৈছিল।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/bKeTsnZ
via IFTTT
Comments
Post a Comment