নেৰিব! আজিৰে পৰা ৰাজ্যত পুনৰ হ’ব প্ৰবল ধুমুহা-বৰষুণ…

ডিজিটেল ডেস্কঃ গৰু বিহু দিনাৰে পৰা ৰাজ্যত বতৰ ফৰকাল নহয়। বিহুৰ অনুষ্ঠান চাবলৈ যোৱাৰ সকলৰ অভিজ্ঞতাও বৰ সুখকৰ নহয়। এনে সময়তে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে যে, ১৮এপ্ৰিলৰ পৰা ২১এপ্ৰিলৰ লৈকে ৰাজ্যত পুনৰ হ’ব প্ৰবল ধুমুহা-বৰষুণ।
উল্লেখ কৰা প্ৰয়োজন যে, ১৪এপ্ৰিলৰ পৰা ৰাজ্যত আৰম্ভ হোৱা ধুমুহা-বৰষুণত ১৫জনকৈ লোকে মৃত্যুক সাৱটি লবলগীয়া হৈছে। বৰাক-ব্ৰহ্মপুত্ৰ উভয়তে তীব্ৰ ক্ষতিসাধন কৰা বৰষুণ, ধুমুহাই গোৱালপাৰাত এজন, বৰপেটাত তিনিজন, ডিব্ৰুগড়ত ৫জন, তিনিচুকীয়াত ৩জন, বাক্সাত এজন, তামুলপুৰত এজন আৰু কোকৰাঝাৰত এজন লোকৰ মৃত্যু হৈছে।
বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি, অসমত বিশেষকৈ ধুুবুৰী, দক্ষিণ শালমৰা, বৰপেটা, বাক্সা, নলবাৰীকে ধৰি লখিমপুৰ, ধেমাজি, যোৰহাটতো প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে। ২১ এপ্ৰিলৰ লৈকে কেৱল অসমতে নহয়, চুবুৰীয়া ৰাজ্য মেঘালয়, অৰুণাচল, মণিপুৰ, মিজোৰামতো হব ধুমুহা-বৰষুণ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/9Escvdi
via IFTTT
Comments
Post a Comment