জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সুদক্ষ অভিযন্তা হৰেকৃষ্ণ ডেকাৰ আকস্মিক মৃত্যু..

ডিজিটেল ডেস্কঃ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এগৰাকী সুদক্ষ অভিযন্তা হৰেকৃষ্ণ ডেকাৰ বুধবাৰৰ নিশা আকস্মিকভাৱে মৃত্যু হয়। মধুমেহ ৰোগত আক্ৰান্ত হৈ থকা ডেকাই বুধবাৰৰ দিনাও বিভিন্ন চৰকাৰী আচঁনি চোৱাচিতাৰ কামত ব্যস্ত হৈ আছিল। জীৱনৰ শেষৰ দিনাও ঘৰে ঘৰে বুজ লৈছিল আঁচনিৰ। দক্ষ অভিযন্তাগৰাকীৰ দক্ষতাৰ প্ৰতি লক্ষ্য ৰাখিয়েই চৰকাৰী পানী যোগানৰ বিভিন্ন আচনিৰ তদাৰকৰ কামত নিয়োগ কৰা হৈছিল।
উল্লেখযোগ্য যে, বেলতলা ভেটাপাৰা সংযোগী বিষ্ণুপথৰ দুঘৰ উপপথৰ স্থায়ী বাসিন্দা আছিল তেওঁ। বুধবাৰৰ দিনা কামৰ পৰা আহি হঠাত অসুস্থ হৈ পৰাত ডেকাক চিকিতসালয়লৈ নিয়া হৈছিল যদিও নিশা ১০বজাত তেওঁৰ মৃ্ত্যু হয়। তাৰ পাছতে তেওঁৰ নশ্বৰ দেহ তেওঁ বাসগৃহলৈ লৈ অহা হয়। তাতেই তেওঁক সতীৰ্থ তথা গুণমুগ্ধ সকলে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।
মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৫৯বছৰ। দুগৰাকী কন্যা আৰু পত্নীক এৰি থৈ যোৱা ডেকাৰ নশ্বৰ দেহ দিল্লীত থকা কন্যা আহি পোৱাৰ পাছতে নৱগ্ৰহত শেষকৃত্য সম্পন্ন কৰা হব।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/EQrbTH7
via IFTTT
Comments
Post a Comment