পাঁচ লাখ টকা ধন দাবীক লৈ অজাপ নেতাসহ দুজনক গ্ৰেপ্তাৰঃ মহিলালৈ আপত্তিজনক মেছেজ…

ডিজিটেল সংবাদ বেকাজানঃ তিতাবৰৰ জ্যেষ্ঠ সংবাদকৰ্মী , তিতাবৰ প্ৰেছ ক্লাৱৰ সভাপতি তথা তিতাবৰৰ এখন বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বিমান শইকীয়াই দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা এগৰাকী বিধবা মহিলাৰ মোবাইল লৈ অশ্লীল আৰু আপত্তিজনক এছ এম এছ দিয়া আৰু পৰৱৰ্তী সময়ত সেই ঘটনাক কেন্দ্ৰ কৰি পাঁচ লাখ টকা ধন দাবী কৰা সন্দৰ্ভত তিতাবৰৰ আৰক্ষীয়ে বৃহস্পতিবাৰে দুজন যুৱকক গ্ৰেপ্তাৰ কৰে।
সংবাদ মাধ্যমকৰ্মী গৰাকী অশ্লীল মেছেজ আৰু তেওঁক ধন দাবী কৰা ঘটনাকলৈ তিতাবৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে তিতাবৰ বিবিজানৰ নিৰ্বাসী দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা এটি কণমানি সন্তানৰ মাতৃ বিধবা মহিলা গৰাকীৰ মোবাইললৈ কিছুদিন পূৰ্বে তিতাবৰ প্ৰেছ ক্লাৱৰ সভাপতি বিমান শইকীয়াই আপত্তিজনক এছ এম এছ দিয়ে।
মহিলাগৰাকীৰ মোবাইললৈ এনেদৰে অনবৰতে এছ এম এছ আহি থকাত উপায়বিহীন হৈ মহিলাগৰাকীয়ে তিতাবৰৰ অসম জাতীয় পৰিষদৰ নেতা তথা স্থানীয় যুৱক আমান হুছেইনক বিষয়টো অৱগত কৰে। ইয়াৰ পাছতে দুয়ো পক্ষৰ মাজত ফোনত কথাবাৰ্তা হোৱাৰ পিছত কালি সন্ধ্যা তিতাবৰৰ আৰক্ষীয়ে সভাপতি গৰাকীক পাঁচ লাখ টকা ধন দাবী কৰাৰ সন্দৰ্ভত তিতাবৰৰ এখন হোটেলৰ পৰা আমান হুছেইন সহ দুজন যুৱকক গ্ৰেপ্তাৰ কৰে।
এই সন্দৰ্ভত তিতাবৰ প্ৰেছ ক্লাৱৰ সভাপতি গৰাকীয়ে কয় যে কেইদিনমান পূৰ্বে বাতৰি কাকতত এটা প্ৰবন্ধ লিখিছিলো। প্ৰবন্ধতোৰ কাৰণে মহিলা গৰাকীক এছ এম এছ দিছিলো। কিন্তু ইয়াৰ পাছৰ পৰা আমান হুছেইন নামৰ যুৱক জনে মোক পাঁচ লাখ টকা বিচাৰি ভাবুকি দি আহিছিল। আজি ধন দিয়াৰ পাছত আৰক্ষীয়ে হাতে লোতে গ্ৰেপ্তাৰ কৰে। কিন্তু ইয়াৰ সম্পূৰ্ণ বিপৰীত মন্তব্য প্ৰদান কৰিছে অজাপৰ নেতা আমান হুছেইনে।
আমান হুছেইনে সংবাদ মাধ্যমত জানিবলৈ দিয়ামতে সভাপতি গৰাকীয়ে মহিলা গৰাকীক আপত্তিজনক এছ এম এছ দি মানসিক অশান্তি কৰি অহাত মোৰ সহায় বিচৰাত মই সভাপতি গৰাকীক ফোন কৰি আপোনাৰ দৰে সন্মানীয় ব্যক্তিয়ে কিয় এনে কাম কৰিছে বুলি কয়। বিমান শইকীয়াৰ এই কাৰ্যৰ বাবে সংবাদ মাধ্যমৰ কাষ চাপিম বুলি কোৱাত তেওঁ নিজৰ ভুল স্বীকাৰ কৰি নিজে উপযাচি ধন দিয়াৰ কথা কয়।
আৰু এই ধন মই অসহায় মহিলা গৰাকীক দিবলৈ কওঁ। আজি এই ধন দিবলৈ আহি ওলোটাই মই ধন দাবী কৰা বুলি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে অভিযোগ আৰু প্ৰতি অভিযোগ কৰা এই দুগৰাকী ব্যক্তিৰ ভিতৰত কোনজনৰ কথা সত্য সেয়া জটিল হৈ পৰিছে। অৱশ্যে আৰক্ষীয়ে প্ৰকৃত তদন্ত কৰিলে আচল সত্য ঘটনা উন্মোচন হব বুলি ৰাইজে মত পোষণ কৰিছে। ইফালে এই ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলা গৰাকীয়ে তিতাবৰ থানাত এজাহাৰ দিবলৈ আহিছিল যদিও আৰক্ষীয়ে এজাহাৰ নোলোৱাৰ অভিযোগ উঠিছে । সম্প্ৰতি তিতাবৰত এই ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/Uef0XaV
via IFTTT
Comments
Post a Comment