কোকৰাঝাৰত এনকাউণ্টাৰ..

- কোকৰাঝাৰত পুণৰ এনকাউণ্টাৰ।
- কোকৰাঝাৰ আৰক্ষীৰ গুলীত আহত ড্ৰাগছ বেপাৰী ।
- আহত ড্ৰাগছ বেপাৰীটোৰ নাম ৰাজস্থানৰ মোহনলাল(৩৫) ।
- গুৱাহাটীৰ পৰা ড্ৰাগছ কঢ়িয়াইছিল ৰাজস্থানলৈ ।
RJ14-GT 9213 নম্বৰৰ ট্ৰাকৰ ডিজেল টেংকীত লুকুৱাই আনিছিল ড্ৰাগছ । - ৮৫ কেজি অপিয়াম আৰু ৩ কেজি ১০০ গ্ৰাম হিৰোইন জব্দ ।
- শ্ৰীৰামপুৰৰ শিমলটাপুৰ পেট্ৰল পাম্পৰ সন্মুখত আটক মোহনলালক আৰু আৰক্ষীয়ে জব্দ কৰে ট্ৰাকখন ।
- সোধপোছৰ অন্তত গোসাঁইগাঁওত এজন সতীৰ্থ থকাৰ কথা স্বীকাৰ মোহনলালৰ ।
- আৰক্ষীয়ে নিশা প্ৰায় ১২:৩০ বজা মানত মোহনলালৰ সতীৰ্থক বিচাৰি মোহনলালে দেখুৱাই দিয়া মতে দলগাঁওলৈ যায় আৰক্ষী ।
- হঠাত মোহনলালে উপ পৰিদৰ্শক ব্ৰীজেশ কুমাৰৰ পিষ্টল কাঢ়ি আৰক্ষীলৈ লক্ষ্য কৰি দুজাঁই গুলীচালনা কৰি পলায়ন কৰিবলৈ চেষ্ঠা কৰে ।
- মুহুৰ্ততে আৰক্ষীয়ে মোহনলালক লক্ষ্য কৰি গুলীচালনা কৰে ।
- আৰক্ষীৰ গুলীয়ে মোহনলালৰ ভৰিত আঘাত কৰে ।
- গুলীবিদ্ধ মোহনলালক উদ্ধাৰ কৰি আৰক্ষীয়ে কোকৰাঝাৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় ।
- ইপিনে অচিনাক্ত দুৰ্ষ্কৃতিকাৰীয়ে প্ৰমান বিনষ্ট কৰাৰ বাবে জব্দকৃত ট্ৰাকখন জ্বলাই দিয়ে ।
- সম্পূৰ্ণৰূপে ভষ্মীভূত হয় ট্ৰাকখন ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/RDQZEA9
via IFTTT
Comments
Post a Comment