৬.৩০বজালৈ বন্ধ থাকিব ইন্টাৰনেট সেৱা…

ডিজিটেল ডেস্কঃ যোৱা শুকুৰবাৰে পাটিয়ালাত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ পাছতে চৰকাৰে গ্ৰহণ কৰিছে এক বিশেষ সিদ্ধান্ত। শনিবাৰৰে পৰা পুৱা ৯.৩০বজাৰ পৰা সন্ধিয়া ৬.৩০বজা পৰ্যন্ত বন্ধ থাকিব ইন্টাৰনেট সেৱা। পঞ্জাৱ চৰকাৰৰ গৃহ বিভাগে ইতিমধ্যে জাৰি কৰিছে এই নিৰ্দেশনা।

উল্লেখ কৰা প্ৰয়োজন যে, পাটিয়ালাত সংঘটিত হোৱা এই ঘটনাৰ পাছতে পাটিয়ালাৰ কেইবাজনো আৰক্ষী বিষয়াক বদলি কৰি উক্ত স্থানত অন্য বিষয়াক নিযুক্ত কৰিছে পঞ্জাৱ চৰকাৰে। ইফালে কেইবাটাও সংগঠনে আজি পাটিয়ালা বন্ধৰো আহ্বান কৰিছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/VfD1TsU
via IFTTT

Comments