ৰাজ্যত অব্যাহত অবৈধভাৱে গৰু সৰবৰাহ…

ডিজিটেল সংবাদ, বেবেজীয়া: অবৈধভাৱে গৰু সৰবৰাহৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসন কঠোৰ হ’লেও তাৰ মাজতে ৰাজ্যত অব্যাহত আছে অবৈধ গৰু সৰবৰাহ। ৰহা আৰক্ষীৰ এটাৰ পিছত এটা সফল অভিযান।
অভিযান চলাই ৰহাৰ টোলগেটত বুধবাৰে নিশা ট্ৰাকসহ জব্দ কৰে ১৮ টা গৰু। আৰক্ষীয়ে লগতে আটক কৰে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক।
ট্ৰাকখনৰ নম্বৰ হৈছে এ এচ ০২ বিচি ৩১৪২ । ৰহা আৰক্ষীয়ে গোপন সুত্ৰৰ খবৰৰ ভিত্তিত ৰাষ্ট্ৰীয় পথত অভিযান চলাই অবৈধভাৱে সৰবৰাহ কৰা গৰুকেইটা জব্দ কৰিবলৈ সক্ষম হয় ।
আৰু পঢ়ক: বাৰাণসীৰ ৰাষ্ট্ৰীয় কৰ্মশালালৈ ‘অসমীয়া প্ৰতিদিন’ৰ সাংবাদিক চৈয়দ ৰবিউল হকক আমন্ত্ৰণ
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/0INvdGu
via IFTTT
Comments
Post a Comment