বটদ্ৰৱাৰ শান্তিজান বজাৰত নিশা বিধ্বংসী অগ্নিকাণ্ড…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত শান্তিজান বজাৰত নিশা ভয়ঙ্কৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। ৰাতি দুই মান বজাত সংঘটিত হয় এই অগ্নি কাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত এমৰান হুছেইন আৰু ওমৰ আলী নামৰ দুজন লোকৰ দুখনকৈ কাপোৰৰ দোকান ভস্মীভূত হয়।

অগ্নিকাণ্ডৰ ফলত প্ৰায় ২০ লক্ষাধিক টকাৰ ক্ষতি হয়। চৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ আশংকা কৰিছে স্থানীয় লোকে। কাপোৰৰ দোকান দুখনত বিহু আৰু আগন্তুক ঈদৰ প্ৰাগ মুহূৰ্তত কাপোৰেৰে ভৰ্তি হৈ আছিল। পাছত ধিং অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ সক্ষম হয়।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/HcPoReF
via IFTTT

Comments