মুখৰ কথা ৰাখিব নোৱাৰিলে অক্ষয়ে! কিন্তু কোটি টকা পাইয়ো গুটখাৰ বিজ্ঞাপন নকৰিলে আল্লু অৰ্জুনে…

ডিজিটেল ডেস্কঃ ছচিয়েল মিডিয়াত ব্যাপক সমালোচনাৰ সন্মুখীন হৈছে অভিনেতা অক্ষয় কুমাৰ। ইয়াৰ কাৰন হৈছে দুদিনৰ পূৰ্বে সাংবাদিকসকলৰ সৈতে হোৱা এক মত বিনিময় অনুষ্ঠানত অক্ষয়ে কৈছিল যে, মোলৈ কেইবাটাও গুটখা কোম্পানীৰ অফাৰ আহিছে। মোৰ কাণেৰে শুনাতকৈ বেছি টকা দিম বুলি অফাৰো দিছে। কিন্তু মই সেই কাম কৰিব নোৱাৰো কাৰণ ভাৰতখনক সুস্থ-সবল কৰি ৰখাত মোৰো দায়িত্ব আছে।
এই কথা কোৱা কেইটামান দিনৰ পাছতে অক্ষয়ক দেখা গল বিমল নামৰ গুটখা কোম্পানীৰ এটা বিশেষ এডত। এই বিমলৰ বিজ্ঞাপনত পূৰ্বে অভিনেতা অজয় আৰু শ্বাহৰুখ খানে অভিনয় কৰিছিল আৰু শেহতীয়াকৈ সংযুক্ত হৈছে অক্ষয় কুমাৰ।
নিজৰ মুখ কথা ৰাখিব নোৱাৰি গুটখা কোম্পানীৰ হৈ বিজ্ঞাপনত ভাগ লোৱা অক্ষয়ক সেয়েহে এতিয়া নেটিজেন সকলে ব্যাপক সমালোচনা কৰা দেখা গৈছে। ইফালে অক্ষয়ক সমালোচনা কৰি থকাৰ সময়তে দক্ষিণৰ জনপ্ৰিয় অভিনেতা আল্লু অৰ্জুনে প্ৰত্যাখ্যান কৰিলে এটা গুটখা কোম্পানীৰ বিজ্ঞাপনৰ অফাৰ।
উল্লেখ কৰা প্ৰয়োজন যে, আল্লু অৰ্জুনক বহু কোটিটকীয়া এক বিজ্ঞাপন অফাৰ কৰিছিল এটা পাণ মচলা কোম্পানীয়ে। কিন্তু সমাজৰ প্ৰতি থকা দায়ৱদ্ধতাৰ বাবে তেওঁ নকৰিলে এই বিজ্ঞাপন। কিন্তু ইয়াৰ বিপৰীতে পদ্ম বিভূষণ অমিতাভ বচ্চনে কমলা পচন্দ আৰু পদ্মশ্ৰী শ্বাহৰুখ, অজয়, অক্ষয়ে গুটখা কোম্পানীৰ হৈ বিজ্ঞাপনত ভাগ লোৱা কাৰ্যই অনুৰাগীসকলক দুখিত কৰিছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/M6JZLOG
via IFTTT
Comments
Post a Comment