নগাঁও বাঙ্গালী সন্মিলনীয়ে প্ৰথম বাৰৰ বাবে উদযাপন কৰিলে ৰঙালী বিহু…

ডিজিটেল সংবাদ , নগাঁও : নগাঁৱৰ পুৰনি অনুষ্ঠান নগাঁও বাঙ্গালী সন্মিলনীয়ে এই বেলি ৰঙালী বিহু উদযাপন কৰে ৷ ১২৮ বছৰীয়া ইতিহাসত নগাঁও বাঙ্গালী সন্মিলনীয়ে প্ৰথম বাৰৰ বাৰে ৰঙালী বিহু উদযাপন কৰি সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰে ৷

কবি , চিকিৎসক ডা° প্ৰয়াগ শইকীয়াই বিহু উত্তোলন কৰাৰ লগতে সন্মিলনীৰ পতাকা উত্তোলন কৰে ডা° নিৰ্মল কুমাৰ দাসে ৷ ৰনদ্বীপ নন্দীয়ে আত ধৰা ৰঙালী বিহুৰ কাৰ্যসূচীত সন্মিলনীৰ সদস্য সকলে বিহু নাচ , হুচৰি পৰিবেশন কৰে ৷ লগতে বিহুৰ পিঠা-পনা , জলপান আদিৰো ব্যৱস্হা কৰা হয় ৷

বিহু উপলক্ষে আয়োজিত বিহু সভাত ৰবিশংকৰ মজুমদাৰে আদৰনি ভাষণ আগবঢ়োৱাৰ লগতে সাংবাদিক অসীম কুমাৰ ভাৱালে বিহু তাৎপৰ্য , ৰুলী শৰ্মা মজুমদাৰে অসমীয়া-বেঙ্গলী সমাজৰ সমন্বয়ৰ বক্তব্য আগবঢ়াই ৷ নগাঁও বাঙ্গালী সন্মিলনীয়ে বিহুৰ পতাকা সাত দিনলৈকে উত্তোলন কৰি ৰাখিব ৷



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/vVjzmEZ
via IFTTT

Comments