ৰাষ্ট্ৰীয় পঞ্চায়ত দিৱস উপলক্ষে দক্ষিণ ধেমাজি গাওঁ পঞ্চায়তত বিশেষ সভা…

ডিজিটেল সংবাদ, ধেমাজিঃ সমগ্ৰ দেশৰ লগতে দেওবাৰে ধেমাজি জিলাতো ৰাষ্ট্ৰীয় পঞ্চায়ত দিৱস পালন কৰা হয় । এই দিৱসৰ লগত সংগতি ৰাখি ধেমাজি জিলাৰ অন্তৰ্গত দক্ষিন ধেমাজি গাওঁ পঞ্চায়তৰ কাৰ্য্যালয়ত এখনি বিশেষ গাঁও সভাও অনুষ্ঠিত কৰা হয় ৷ দেওবাৰে দুপৰীয়া ১২ বজাত শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে বন্তিপ্ৰজ্বলনেৰে বিশেষ গাওঁসভাৰ শুভাৰম্ভ কৰে ৷

বিয়লি ১২ .৩০ বজাত দক্ষিন ধেমাজি গাওঁপঞ্চায়তৰ সভানেত্ৰী কুহিমা কাৰ্দঙৰ সভানেত্ৰীত্বত অনুষ্ঠিত হোৱা বিশেষ গাঁওসভা খনৰ আঁতধৰে ধেমাজি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া নবীন কামানে ৷ সভাত বিগত বৰ্ষত কৰি অহা জিলা পৰিষদৰ অধীনত জিলাখনৰ ৬৫ খন গাওঁ পঞ্চায়ত হোৱা উন্নয়নমূলক কামকাজৰ বিষয়ে আলোকপাত কৰে
ধেমাজি জিলা পৰিষদৰ কাৰ্য্যবাহী বিষয়া প্ৰফুল্ল দেউৰীয়ে ৷

সভাত ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে মহাত্মাগান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আচঁনিৰ লগতে অমৃত সৰোবৰ আৰু গৰ্বণৰ গাৰ্লছ ভলীবল আচঁনিৰ অনুমোদন কৰা উপৰিও ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰালয়ৰ কিষান ভাগিদাৰি প্ৰাথমিকতা হামাৰি ,কিষান কেড্ৰিট কাৰ্ডকে ধৰি বহুকেইটা কৃষক অভিযানৰ জিলা পৰ্য্যায়ত হোৱা কেন্দ্ৰীয় আচঁনি উদ্ধোধন কৰে ৷

উল্লেখ্য যে ২০২১ বৰ্ষৰ পণ্ডিত দীনদয়াল উপধ্যায় পঞ্চায়ত সবলীকৰণ পুৰস্কাৰ , ৰাষ্ট্ৰীয় বটাঁ ধেমাজি জিলা পৰিষদে লাভ কৰে৷ এই বটাঁ আনুষ্ঠানিক ভাৱে শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে ধেমাজি জিলা পৰিষদৰ সভাপতি মোহন গগৈ আৰু জিলা পৰিষদৰ কাৰ্য্যবাহী বিষয়া প্ৰফুল্ল দেউৰীৰ হাতত প্ৰদান কৰে । এই বঁটাত প্ৰমান পত্ৰ , এটা ট্ৰফী আৰু ৫০ লাখ টকাৰে ধেমাজি জিলা পৰিষদক পুৰস্কৰিত কৰা হৈছে।

সভাত শিক্ষামন্ত্ৰী ডাঃৰনোজ পেগু , সাংসদ প্ৰদান বৰুৱা ,জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুৱে বক্তব্যত কৃষক সকলে কৃষিৰ কাৰ্য্যত মনোনিবেশ কৰা ,কৃষক সকলৰ বাবে চৰকাৰে আগবঢ়োৱা মিচ্যন বসুন্ধৰাৰ আদি সুবিধা গ্ৰহন কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে পঞ্চায়তৰ প্ৰতিনিধি সকলক আৰু দুগুন উৎসাহে ৰাইজৰ কাম কৰি সেৱা আগবঢ়াই যোৱাৰ গুৰুত্বআৰোপ কৰে ৷

সভাত উত্তৰ -পূৰ্ব বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠানৰ প্ৰধান বৈজ্ঞানিক ড° মন্টু ভূঞাঁ ,নবাৰ্ডৰ ডেপুটি ডিভিজনেল মেনেজাৰে বক্তব্যত কৃষক সকলৰ বাবে সহায় হ’ব পৰা উদভাৱন মৃলক কামৰ সম্পৰ্কে অৱগত কৰে ৷ সভাত ধেমাজি জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্য, ধেমাজি নগৰ উন্নয়ন প্ৰাধিকৰণৰ সভাপতি তুলন কোৱঁৰ , অসম চৰকাৰৰ অনুসূচিত জাতি উন্নয়ন পৰিষদৰ উপাধ্যক্ষ লক্ষীধৰ সেনচোৱা , ধেমাজি জিলাৰ অতিৰিক্ত মিৰ্জানা হুছেইন , সহকাৰী আয়ুক্ত টিলিনা পেগু , ধেমাজি জিলা পৰিষদৰ সদস্য সকল ধেমাজি ,মাছখোৱা , বৰদলনি আৰু চিচিবৰগাঁওৰ আঞ্চলিক পঞ্চায়তৰ চেয়ামেন সকলৰ লগতে বিভিন্ন গাওঁ পঞ্চায়তৰ সভাপতি আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য সকলো উপস্থিত থাকে ৷



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/FlkxEtX
via IFTTT

Comments