৯মে’ত যুদ্ধ শেষ! কিন্তু এওঁলোকৰ কি হ’ব?

ডিম্পুল বৰগোহাঁই
প্ৰায় দুমাহ! ৫৯দিনৰ ভৰি থলে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই। ধন-জন ক্ষতিৰ সীমা সংখ্যা নাই, তথাপিও স্তদ্ধ হোৱা নাই যুদ্ধ। কোনে কি পাইছে, কোনে কি পাইছে তাৰ হিচাপ কোনেও কৰা নাই। জনতাৰ পানীত হাঁহ নচৰা অৱস্থাৰ মাজতে আহিছে এক সকাহৰ খবৰ।
৯মে, ২০২২ত সমাপ্ত হ’ব যুদ্ধ–
অহা ৯মে, ২০২২ত যুদ্ধ সমাপ্ত হব। ৰাছিয়াৰ মহাপ্ৰতাপী শাসক পুটিনে বিজয় ঘোষণাৰে এই যুদ্ধৰ ইতি পেলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এতিয়া কথা হল, ৰাছিয়াই কিয় ৯মেত যুদ্ধ সমাপ্ত কৰিব খুজিছে। ইয়াৰ আঁৰতো আছে পুটিনৰ আন এক লক্ষ্য।
পুটিনে ৯ মেত যুদ্ধ সমাপ্ত কৰিবলৈ ইতিমধ্যে সকলো প্ৰস্তুতি সম্পন্ন কৰিছে। ৰুছ সেনাই আৰম্ভ কৰিছে পেৰেডৰ আখৰা। ১১হাজাৰ ৰুছ সৈনিকৰ পেৰেডৰ আখৰা ইতিমধ্যে আৰম্ভ হৈছে। মস্কোত চলি থকা এই আখৰাৰ সমান্তৰালভালে ৮খন মিগ-২৯ যুজাৰু বিমানৰো সঞ্চালন অব্যাহত আছে। ৯ মেৰ দিনা এই ৮খন বিমান আকাশত উৰিব Z আকৃতিত।
৯মেত পুটিনে যুদ্ধ সমাপ্ত কৰিব খোজাৰ কাৰন হল দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ১৯৯৫চনৰ পৰা এই দিনটো ৰাছিয়াই victory-day-parade আয়োজন কৰে। এই দিনটোত ৰাছিয়াই পালন কৰে বিজয় উতসৱ আৰু সেইবাবেই ২০২২ৰ ৯ মেত পুটিনে ইউক্ৰেইনৰ সৈতেও বিজয় সাব্যস্ত কৰি বিজয় উতসৱ একেলগে উদযাপন কৰিব বিচাৰিছে।
৯ মে ওচৰ চপাৰ লগে লগে পুটিনে ৰুছ সৈনিক কাঢ়া নিৰ্দেশ প্ৰদান কৰিছে যে, যুদ্ধ আৰু অধিক তীব্ৰতৰ হব লাগে। ইউক্ৰেইনৰ অস্ত্ৰভাণ্ডাৰ তথা সেনাৰ মুখ্য চাউনীত আগুৰি থকা ৰুছ সৈনিকক পুটিনে নিৰ্দেশ প্ৰদান কৰিছে যে, এটা মাখিও এই বেহুৰ পৰা যাতে পাৰ হৈ যাব নোৱাৰে।
দিন চমু চপাৰ লগে লগে ৰুছ সেনাই ডোনাবাছৰ আক্ৰমণ তীব্ৰতৰ কৰিছে। লবীব চহৰত মিছাইল আক্ৰমণ আৰু মৰিঅপুলত ইউক্ৰেইন বেটলিয়নৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিছে। খাৰকীভত মিছাইল আক্ৰমণ পুনৰ আৰম্ভ কৰাৰ সমান্তৰালভাৱে অতিকৈ বিধ্বংসী যুজাৰু বিমান কে এ-৫২ৰে আক্ৰমণ কৰিবলৈ সাজু ৰাছিয়া।
ৰাছিয়া- ইউক্ৰেইনৰ কিমান কি ক্ষতি হৈছে-
যুদ্ধৰ এই ৫৯টা দিনত ৰাছিয়া- ইউক্ৰেইনে প্ৰায় ২১০০ মিছাইল আক্ৰমণ সংঘটিত হৈছে। প্ৰথমভাগত প্ৰতিটো দিনতে ইউক্ৰেইনলৈ ১০০মিছাইল প্ৰক্ষেপ কৰিছিল ৰাছিয়াই। পিছৰ পৰ্যায়ত অৱশ্যে এই সংখ্যা হ্ৰাস পায়। এই যুদ্ধত অধিক ক্ষতিগ্ৰস্থ হৈছে ইউক্ৰেইন। শক্তিৰ ফালৰ পৰা বহুগুণে দুৰ্বল ইউক্ৰেইন প্ৰায় বিধ্বস্ত হৈ পৰিল। নতুনকৈ গঢ়া স্কুল-কলেজ, হস্পাতালৰ লগতে প্ৰশাসনিক ভৱন, কাৰ্যালয়, আৱাসিক গৃহ সম্পূৰ্ণ বিধ্বস্ত।
সংবাদমাধ্যমৰ খবৰৰ ভিত্তিত, ইউক্ৰেইনত এতিয়ালৈকে ২১১৯গৰাকী নাগৰিকৰ মৃত্যু হৈছে। ৯৯টা শিশুয়ে প্ৰাণ হেৰুৱাৰ লগতে ২০হাজাৰো অধিক লোক আহত হৈছে এই যুদ্ধত। ইউক্ৰেইনৰ সহস্ৰাধিক সৈনিকৰ মৃত্যু হোৱাৰ উপৰিও ৰুছ সেনাই ধ্বংস কৰিছে ৩৭৮খন স্কুল, ৪৫০০টা অট্টালিকা, ১৩৮খন হস্পাতাল আৰু ১০টা এয়াৰপৰ্ট ধ্বংস হৈছে ইউক্ৰেইনৰ।
ইফালে দুৰ্বল হলেও ইউক্ৰেইনে অব্যাহত ৰাখিছে ৰাছিয়াৰ ওপৰত আক্ৰমণ। ইউক্ৰেইনে দাবী কৰিছে যে, ৰাছিয়াৰ ১৭হাজাৰো অধিক সৈন্যৰ মৃত্যু হৈছে এই যুদ্ধত। ৭গৰাকী আৰ্মী জেনেৰেল মৃত্যু হোৱাৰো দাবী ইউক্ৰেইনৰ। ইয়াৰ পৰিৱৰ্তে ৰাছিয়াৰ ১২৩খন এয়াৰকাফ্ট, ১২৭খন হেলিকপ্টাৰ, ৫৮৬খন টেংক, ৯৫খন এম এল আৰ এছ, ৩০২খন আৰ্টিলেৰী আৰু ৭৩খন এন্টী এয়াৰকাফ্ট ধ্বংস কৰিছে ইউক্ৰেইনে।
এইখিনিতে উল্লেখ কৰিব লাগিব যে, এই যুদ্ধৰ নামত ৰাছিয়াৰ ৰাজকোষৰ পৰা প্ৰতিদিনেই কোটি কোটি টকা খৰচ হৈছে। গতিকে পুটিনে অচিৰেই যুদ্ধ সামৰিব খোজা ইও এক কাৰন বুলি বহুতে কব খোজে।
যুদ্ধ শেষ হব, কিন্তু কিব হব এওলোকৰ?
যুদ্ধ শেষ হব, কিন্তু কি হব ইউক্ৰেইনত পঢ়িবলৈ গৈ আধাতে শিক্ষা সাং কৰি ঘৰলৈ অহা কেইবা সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত। বিশেষকৈ ভাৰতৰ ১৮হাজাৰো অধিক শিক্ষাৰ্থী আছিল ইউক্ৰেইনত অধ্যয়ন কৰি। ইয়াৰে বেছি সংখ্যক শিক্ষাৰ্থী আছিল চিকিতসা বিজ্ঞানত অধ্য়য়নৰত। ১৮, ৪২৯গৰাকী ভাৰতীয় শিক্ষাৰ্থী অধ্যয়ন কৰি আছিল ইউক্ৰেইনত।
ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰালয়ৰ ৱেবচাইটত উপলদ্ধ তথ্য অনুসৰি, ২০১৯চনৰ পৰা ৮০,৪৭০গৰাকী বিভিন্ন দেশৰ শিক্ষাৰ্থীয়ে অধ্যয়ন কৰি আছিল ইউক্ৰেইনত। ২০১১চনৰ পৰা অধ্যয়ন কৰিবলৈ যোৱা প্ৰায় ৪৯.০৯শতাংশ শিক্ষাৰ্থী বৃদ্ধি পাইছিল ইউক্ৰেইনত। কিন্তু তেনে পৰিস্থিতিৰ মাজতে সূচনা হল এই যুদ্ধৰ।
তলৰ তালিকাখন চালেই গম পাব, কেনেকৈ ইউক্ৰেইন শিক্ষা ব্যৱস্থাৰ প্ৰতি আকৰ্ষিত হৈছিল বিদেশৰ শিক্ষাৰ্থীসকল-

এতিয়া কথা হল, ইউক্ৰেইনত অসমৰ ভিন্ন প্ৰান্তৰ বহু মেধাৱী শিক্ষাৰ্থীয়ে অধ্যয়ন কৰিছিল। সৰহ সংখ্যকে চিকিতসা বিজ্ঞানত অধ্যয়ন কৰাৰ লগতে বিভিন্ন বিষয়ত উচ্চ শিক্ষা গ্ৰহণ কৰি আছিল মেধাৱী এই শিক্ষাৰ্থীসকলে। কিন্তু যুদ্ধৰ এই বিভীষিকাই তেওঁলোকৰ ভৱিষ্যতলৈ নমাই আনিলে অমানিশা।
পৰৱৰ্তী শিক্ষা কেনেকৈ আগবঢ়াব তাক লৈও অসমৰ প্ৰায় ১৬০ গৰাকী কৃতী শিক্ষাৰ্থী এতিয়া চিন্তিত। ভাৰতৰ ব্যক্তিগত প্ৰতিষ্ঠানসমূহত এমবিবিএছ অধ্যয়নৰ বাবে বছৰি ১০ৰ পৰা ১২ লাখ টকা মাচুল লোৱা হয়। প্ৰায় ৫ বছৰৰ বাবে শিক্ষাৰ্থীসকলে এম.বি.বি.এছ. অধ্যয়ন কৰাৰ বাবে ৫০ৰ পৰা ৬০ লাখ টকা মাচুল পৰিশোধ কৰিব লাগে, আনহাতে ইউক্ৰেইনত এনে নহয়। ইউক্ৰেইনত এম.বি.বি.এছ. অধ্যয়নৰ বাবে বছৰি ৪ ৰ পৰা ৫ লাখ টকাৰহে প্ৰয়োজন। অৰ্থাৎ, ৫ বছৰৰ বাবে অধ্যয়ন সম্পূৰ্ণ কৰাৰ মুঠ ব্যয় ভাৰতৰ তুলনাত যথেষ্ট কম।
এনে পৰিস্থিতিত এতিয়া ভাৰত তথা অসম চৰকাৰে এই সকলৰ শিক্ষাৰ্থীৰ আগন্তুক শিক্ষাৰ বাবে এক বাস্তৱসন্মত ব্যৱস্থা গ্ৰহণ কৰাটো খুবেই প্ৰয়োজন। সচেতন মহলেও এতিয়া তাকেই বিচাৰিছে। নিজকে মানৱ সম্পদ হিচাপে গঢ়ি তুলিবলৈ সাত সাগৰ তেৰ নদীৰ সিপাৰলৈ যোৱা এইসকল কৃতী শিক্ষাৰ্থী মানসিকভাৱে ভাগি নপৰাৰ পূৰ্বেই চৰকাৰে হয়তো এক গঠনমূলক সিদ্ধান্ত গ্ৰহণ কৰিব…
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/5q8zTLd
via IFTTT
Comments
Post a Comment