নাৰায়ণপুৰত ভৰ বাৰিষাৰ পূৰ্বেই চিঙিল পিচলা নৈ কৃষিবান্ধ…

ডিজিটেল সংবাদ, শিমলুগুৰি: লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পিছলা নৈৰ এটি কৃষিবান্ধ বুধবাৰে পুৱতি নিশা চিঙি যায় ৷ নাৰায়ণপুৰ তথা অৰুনাচল পাহাৰৰ উপকন্ঠ অঞ্চলত অব্যাহত থকা ধাৰাষাৰ বৰষুণৰ ফলত উফন্দি উঠা পিছলা নৈখনে তাতিবাহাৰ পিছলাপাৰত চিঙি নিলে কৃষিবান্ধটোৰ প্ৰায় ৫০ ফুট দৈৰ্ঘ ৷
ফলত বানৰ আশংকাত ভুগিছে নাৰায়ণপুৰ ৰাজহ চক্ৰৰ কুৰিখনৰো অধিক গাঁও ৷ শান্ত সমাহৃত নৈখনৰ দুয়োপাৰে বালিৰে নিম্নমানদণ্ডৰে কৃষিবান্ধটো নিৰ্মাণ কৰাৰ ফলতে নৈ পানীৰ বহন ক্ষমতা হেৰুৱাই চিঙি পেলালে ৷ ইয়াৰ পূৰ্বেও কেইবাবছৰ ধৰি নৈখনৰ কৃষিবান্ধ চিঙি বিস্তৰ ক্ষতিসাধন কৰি আহিছিল ৷
সম্প্ৰতি কৃষি ভুমি পানীৰে ওপচাই পেলাইছে ৷ বৰষুণৰ পৰিমান বৃদ্ধি পালে চিঙা অংশৰে সোমোৱা পানীত বুৰ যাব কুৰি খনৰো অধিক গাঁও ৷ উল্লেখ্য ৰঙতিৰ পৰা পিছলাপাৰ হৈ শিঙিয়া সংযোগী কৃষিবান্ধটো চিঙি যোৱাৰ ফলত যাতায়াতৰ ক্ষেত্ৰটো ৰাইজৰ মাজত হাহাকাৰ পৰিবেশ সৃষ্টি হৈছে ৷
আৰু পঢ়ক: সৰুপথাৰ আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী…
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/aMNRdmx
via IFTTT
Comments
Post a Comment