বজালীলৈ ২০২০-২১বৰ্ষৰ অসমৰ শ্ৰেষ্ঠ উন্নয়ন খণ্ডৰ পুৰস্কাৰ…

ডিজিটেল সংবাদ, বজালীঃ ৰাজ্যৰ ভিতৰতে বজালী জিলাৰ চৌখুটী উন্নয়ন খণ্ডই এক বিশেষ গৌৰৱ বুটলিবলৈ সক্ষম হৈছে । বজালী নতুন জিলা হিচাপে পৰিচিতি লাভ কৰি বজালীবাসীৰ বাবে গৌৰৱ কঢ়িয়াই প্ৰশংসাৰ ধ্বজা উৰুৱাবলৈ সক্ষম হৈছে ।

দীনদয়াল উপাধ্যায় পঞ্চায়ত শক্তিকৰণ পুৰস্কাৰ ২০২০-২১ বৰ্ষৰ বজালীৰ চৌখুটী উন্নয়ন খণ্ডই অসমৰ ভিতৰতে আঞ্চলিক পঞ্চায়তৰ শ্ৰেষ্ঠ উন্নয়ন খণ্ডৰ বঁটা লাভ কৰাৰ লগতে নগদ ২৫ লাখ টকা পুৰস্কাৰ লাভ কৰিছে ।

আনহাতে বজালী উন্নয়ন খণ্ডৰ অন্তৰ্গত মুগুৰীয়া গাঁও পঞ্চায়তে শ্ৰেষ্ঠ শিশু সহায়ক গাঁও পঞ্চায়ত বঁটা লাভ কৰি নগদ ৫ লাখ টকাৰে পুৰস্কৃত হৈছে আৰু টিহু দে খাটা গাঁও পঞ্চায়তে গাঁও পঞ্চায়ত উন্নয়ন আঁচনিৰ শ্ৰেষ্ঠ বঁটা লাভ কৰি নগদ ১০লাখ টকাৰে পুৰস্কৃত হৈছে । বঁটা সমূহ বজালীৰ চৌখুটী উন্নয়ন খণ্ডৰ কাৰ্যালয় প্ৰাঙ্গনত এক অনুষ্ঠানত গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বিতৰণ কৰে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/hoI0d8M
via IFTTT

Comments