নটুৱাগাঁৱত ১২৩ সংখ্যাক আঞ্চলিক মহানাম, ৰজা হৰিচন্দ্ৰ পাল্লানাট মঞ্চস্থ…

ডিজিটেল সংবাদ,বেবেজীয়া: মৰিগাঁও জিলাৰ নটুৱাগাঁৱত মঙলবাৰৰ পৰা তিনিদিনীয়া বিশাল কাৰ্যসূচীৰে অনুষ্ঠিত আঞ্চলিক মহানামৰ আজি সফল ভাবে সামৰণি পৰে ।

বৃহস্পতিবাৰে এই মহানামৰ সামৰণিৰ দিনা বৃহত্তৰ অঞ্চলটোৰ আই মাতৃ সকলৰ দ্বাৰা আই নাম অনুষ্ঠিত কৰা হয় । ইফালে কালি নিশা বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ দ্বাৰা ৰজা হৰিচন্দ্ৰ পাল্লানাট মঞ্চস্থ কৰা হয় । নাটকখন আনুষ্ঠানিকভাবে উদ্বোধন কৰে মৰিগাঁও নেহেৰু যুৱ কেন্দ্রৰ গাননিক আৰু কাৰ্যসূচী বিষয়া ধনঞ্জয় তালুকদাৰে |

পুৱাৰ ভাগত ভাগবত ভ্ৰমন কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।এই অনুষ্ঠানত ভাগবত শিৰত লয় কুবিন নাথে আৰু শৰাই আৰু ধূনামলা লয় ক্ৰমে জিত্ৰ নাথ আৰু কুমুদ চন্দ্ৰ নাথে ।ইফালে প্ৰথম দিনা পুৱা জল উত্তোলন কৰে কামেশ্বৰ নাথে আৰু শৰাই আৰু ধূনামলা লয় ক্ৰমে ব্ৰজেন নাথ আৰু পামেশ্বৰ নাথে। প্ৰায় ৩৬খন নাথ যোগী গাঁৱৰ চাৰি শতাধিক ভকতে এই মহা নামত অংশগ্ৰহন কৰে।

আৰু পঢ়ক: ৰাজ্যত অব্যাহত অবৈধভাৱে গৰু সৰবৰাহ…



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/RMJiKg1
via IFTTT

Comments