৫বহাগঃ আজি নাঙলৰ বিহু…

ডিজিটেল ডেস্কঃ আজি ৫বহাগ। সাত বিহুৰ পঞ্চম দিনা নাঙলৰ বিহু হিচাপে আজিৰ দিনটোত সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হৈছে ৷ সমগ্ৰ ৰাজ্যজুৰি উলহ-মালহেৰে নাঙলৰ বিহুৰ পৰম্পৰা পালন কৰা দেখা গৈছে ৷আজি দিনটোত কৃষি প্ৰধান ৰাইজে নিজৰ অসমীয়া জাতিৰ পৰম্পৰা ৰক্ষা কৰি নাঙলৰ বিহু  পালন কৰে ৷

উল্লেখ কৰা প্ৰয়োজন যে, নাঙল বিহুৰ তাৎপৰ্য হ’ল ব’হাগ বিহুৰ ৰং-ৰহইচৰ অন্তত পথাৰ উপচোৱা বৰষুণজাকৰ সৈতে খেতিৰ বাবে পথাৰত নমাৰ পূৰ্বে কৃষিকাৰ্যত ব্যৱহাৰ হোৱা সা-সজুঁলিসমূহৰ ওচৰত চাকি বন্তি জ্বলাই বছৰটোৰ সমৃদ্ধি কামনা কৰে৷ নাঙল, যুঁৱলি, জাপি, মৈ আদি কৃষিকৰ্মৰ লগত জড়িত সজুঁলি সমূহৰ
ওচৰত চাকি-ধূপ জ্বলাই সেৱা জনাই সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হয় নাঙলৰ বিহু।  

ইয়াৰ পিছতে, ষষ্ঠ দিনা বিয়া দিয়া জীয়াৰী পিতৃগৃহলৈ আহে, সেয়ে সেইদিনা “জীয়ৰী বিহু” বা “চেনেহী বিহু”। শেষৰ দিনা “চেৰা বিহু”। এয়ে হৈছে ব’হাগৰ ‘সাত বিহু’।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/amXOloi
via IFTTT

Comments