এতিয়াৰ আলফা(স্বা)ত যোগদান কৰা সকলৰ কোনো উদ্দেশ্য নাই: উৰ্খাও গৌৰা ব্ৰহ্ম

ডিজিটেল সংবাদ, বাক্সা: আলফা স্বাধীনত ন ন যুৱকৰ যোগদানক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই।
তেওঁ কয় যে উগ্ৰবাদৰ প্ৰতি আজিও যুৱচামৰ আকৰ্ষন আছে ৷ অৱশ্যে আলফাৰ জন্মৰ সময়ৰ লক্ষ্য আৰু বৰ্তমানৰ লক্ষ্য একে নহয়। পূৰ্বে স্বাধীন অসম আৰু জাতিৰ হকে কাম কৰাৰ বাবে আলফাত যোগদান কৰিছিল ৷ কিন্তু আজি যি সকলে আলফাত যোগদান কৰিছে তেওঁলোকৰ কোনো উদ্দেশ্য নাই।
কোনোবাই তেওঁলোকক মিছগাইড কৰিছে ৷ মন্ত্ৰী ব্ৰহ্মই কয় যে পৰেশ বৰুৱাই আলোচনাৰ বাবে আগবাঢ়ি অহাৰ সময়ত নতুন যুৱকক আলফাত যোগদানৰ বাবে আকৰ্ষিত কৰিব বিচৰা কাৰ্য ভাল চিন্তন নহয়।পৰেশ বৰুৱা যদি আলোচনাৰ বাবে ইচ্ছুক তেন্তে নতুন ল’ ৰা- ছোৱালী আলফাত যোগদান কৰাটো বন্ধ কৰিবলৈও আহ্বান ব্ৰহ্মৰ।
বাক্সা জিলাৰ ছাপাগুৰি সমষ্টিৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই শেহতীয়াকৈ গুজৰাটৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বিধায়ক জিগমেচ মেৱালী সন্দৰ্ভতো তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।
আনহাতে ৰাজ্যখনত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি সন্দৰ্ভতো মত ব্যক্ত কৰে মন্ত্ৰী ব্ৰহ্মই। একাংশ সামগ্ৰীৰ উৎপাদন বৃদ্ধিৰে মুল্যবৃদ্ধি ৰোধৰ ব্যৱস্থা কৰাৰ বিপৰিতে পেট্ৰল ডিজেলৰ মুল্য নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কোনো ব্যৱস্থা লব নোৱাৰে বুলি স্পষ্ট কৈ জানিব দিয়ে ।
আৰু পঢ়ক: মন্দিৰৰ ৰথযাত্ৰাৰ সময়ত বিদ্যুৎস্পৃষ্ট হৈ ১১ জনৰ মৃত্যু, আহত বহুতো…
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/mvhEnps
via IFTTT
Comments
Post a Comment