‘ৰাইজৰ দল’ ৰ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ

ডিজিটেল ডেস্ক: অৱশেষত ‘ৰাইজৰ দল’ ৰ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ল। ভাৰতৰ নিৰ্বাচন আয়োগে ৰাইজৰ দলক ভাৰতবৰ্ষৰ এটা পঞ্জীয়নভুক্ত ৰাজনৈতিক দল হিচাপে স্বীকৃতি প্ৰদান কৰিলে। ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰেৰণ কৰা পঞ্জীয়ন প্ৰমাণ পত্ৰ খন বুধবাৰে ডাকযোগে লাভ কৰে ৰাইজৰ দলে। উল্লেখ্য যে, যোৱা ৪ ফেব্ৰুৱাৰী, ২০২১ তেই পঞ্জীয়নৰ কাৰণে আবেদন কৰা হৈছিল।
আজি দলৰ পঞ্জীয়ন হোৱাৰ এই শুভ মুহূৰ্তত দলৰ সকলো সদস্য, কৰ্মী আৰু শুভাকাংক্ষীলৈ অভিনন্দন জনাই দলটোৱে। কাইলৈৰ পৰা দলৰ সাংগঠনিক কাম দুৰ্বাৰ গতিৰে আগবঢ়াবলৈ সকলোকে বিনম্ৰভাৱে অনুৰোধ জনায় দলটোৱে। ফেচবুক যোগে এই কথা প্ৰচাৰ কৰে দলটোৱে।
আৰু পঢ়ক: চৰকাৰী চাকৰিয়ালৰ বাবে ভাল খবৰ, ৪ দিন বন্ধ কাৰ্যালয়…
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/xzRULiI
via IFTTT
Comments
Post a Comment