ৰহাত ৰাইজে ধৰি আৰক্ষীক চমজাই এজন ড্ৰাগছ সৰবৰাহকাৰী সহ ৬ জনক

ডিজিটেল সংবাদ,বেবেজীয়া: ৰহা থানাৰ অন্তৰ্গত দীঘলীআটিত শনিবাৰে নিশা এঘাৰ মান বজাত ৰাইজে ধৰি ৰহা আৰক্ষীক এজন ড্ৰাগছ সৰবৰাহকাৰী সহ ৬ জন ড্ৰাগছ সেৱন কৰা যুৱকক আটক কৰি গতাই দিয়ে । বিগত ভালে মান দিন ধৰি বৃহত্তৰ ৰহা অঞ্চলৰ বিভিন্ন স্থানত একাংশ যুৱকে অতি গোপনে ড্ৰাগছ সেৱন কৰাৰ দৰে দীঘলীআটি অঞ্চলৰো একাংশ যুৱকে ড্ৰাগছ সেৱন কৰি আহিছিল আৰু এই বিষয়ে অবগত হৈ অঞ্চলটোৰ একাংশ সচেতন লোকে অতি কৌশলেৰে পাঁচ জন যুৱকক আবদ্ধ কৰাৰ লগতে এজন স্থানীয় ড্ৰাগছ সৰবৰাহকাৰী ব্যক্তিক আটক কৰি আৰক্ষীক খবৰ দি গতাই দিয়ে ।
ৰহা আৰক্ষীয়ে ড্ৰাগছ আসক্ত হিচাপে আটক কৰা অঞ্চলটোৰ মুস্তাগেন আলি , তৌফিক ৰহমান ,আনিমুল আনচাৰী, আফতাৰ আলী আৰু আঁহতগুৰি অঞ্চলৰ ক্ষীৰোদ বৰ্মন বুলি জানিব পৰা গৈছে আৰু জাকিৰ হুছেইন নামৰ এজন ব্যক্তিক ড্ৰাগছ সৰবৰাহৰ অভিযোগত আটক কৰা হৈছে।
আনহাতে ড্ৰাগছ আসক্ত যুৱক কেইজনে আটকাধীন জাকিৰ হুছেইন নামৰ ব্যক্তি জনে ড্ৰাগছ যোগান ধৰে বুলি এই প্ৰতিবেদকক জানিব দিয়ে । ঠিক সেইদৰে একাংশ ট্ৰাক চালকে জাকিৰ হুছেইনক যোগান ধৰে বুলি জাকিৰে জানিবলৈ দিয়ে । ইয়াৰ বাহিৰেও বাৰপূজীয়া আৰু চাপৰমুখ ,কাকতিগাঁও অঞ্চলৰ দুজনমান যুৱকে ড্ৰাগছ সৰবৰাহ কৰে বুলি ধৃত যুৱক কেইজনে জানিবলৈ দিয়ে ।
আৰু পঢ়ক: বৈচিত্ৰ্যময় অসমৰ পাতত চ্যুকাফাৰ নাম সন্নিৱিষ্ট নোহোৱাক লৈ শিৱসাগৰত তীব্ৰ প্ৰতিক্ৰিয়া
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/8m9Wl6U
via IFTTT
Comments
Post a Comment