মাত্ৰ তিনি দিনৰ চেষ্টাৰে নয়নমণিয়ে আজুৰি আনিলে আন্তঃৰাষ্ট্ৰীয় সন্মান

ডিজিটেল সংবাদ , নগাঁও: মাত্ৰ তিনিদিনৰ চেষ্টা ৷ তাৰ পিছত সফলতা ৷ তাকো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৷ নগাঁৱৰ নয়নমণি মুৰাই কঢ়িয়াই আনিলে সফলতা ৷

নয়নমণি বয়স ১৪ বছৰ ৷ নগাঁও জিলাৰ ধনতোলা চাহবাগিছাত তাইৰ ঘৰ ৷ পিতৃৰ ইতিমধ্য মৃত্যু হৈছে ৷ মাতৃয়ে চাহবাগিছাতে হাজিৰা কাম কৰে ৷ এদিন নয়নমণিৰ ঘৰলৈ আহিল চলচিত্ৰ পৰিচালক আকাংক্ষা ভাগৱতী ৷ ভাগৱতীয়ে পৰিচালনা কৰিব বিছৰা এখন চুটি ছবিত নয়নমণিয়ে এটি চৰিত্ৰত অভিনয় কৰিব লাগে ৷ নয়নমণিৰ ভয় লাগিল ৷ আকাংক্ষা ভাগৱতীয়ে অভয় দিলে ৷

নয়নমণিয়ে তিনিদিনত শিকিলে অভিনয় ৷ তাৰ পিছত পোনে পোনে চুটি ছবিত অভিনয় ৷ চবিখনিৰ নাম “কুমু“ ৷ কুমুত মুখ্য চৰিত্ৰত অভিনয় কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ যুব অভিনেত্ৰীৰ সন্মান আজুৰি আনিবলৈ সক্ষম হয় ৷

টৰন্ট’ ইন্টাৰনেশ্বনেল ৱ’মেন ফিল্ম ফেষ্টিভেলত নগাঁৱৰ ধনতোলাৰ নয়নমণিয়ে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান আজুৰি আনিবলৈ সক্ষম হয় ৷ নবমশ্ৰেণীত অধ্যয়নৰত নয়নমণিৰ এই সাফল্য নিশ্চিত ভাবে নগাঁৱৰ বাবে এক আনন্দৰ বতৰা ৷ “কুমু-দ্যা ছং অৱ এ উইংলেচ ৱাৰ্ড“ ত মুখ্য চৰিত্ৰত অভিনয় কৰা নয়নমণি এজনী আদিবাসী ছোৱালী ৷ চাহবাগানৰ সমাজ জীৱনত গৰিষ্ঠ সংখ্যক যুৱতীসকলৰ দুৰ্বিসহ জীৱনগাঠা এই চুটি চবিখনৰ মাজেৰে দাঙি ধৰা হৈছে ৷ চিদা বৰাৰ চিত্ৰগ্ৰহনেৰে শব্দযন্ত্ৰী দেৱজিত গায়নৰ শব্দৰে তৰালী শৰ্মাৰ সংগীতেৰে সমৃদ্ধ “কুমু“ৰ শীৰ্ষ গীত জাহ্নৱী ভাগৱতীৰ ৷

আৰু পঢ়ক: নগাঁৱত কৰ্কট ৰোগৰ প্ৰস্তাৱিত চিকিৎসালয়ৰ আধাৰশিলা স্থাপন



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/t0qw1Ia
via IFTTT

Comments