পশ্চিম বংগত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ধূপধৰাৰ মহিলা

ডিজিটেল সংবাদ, ধূপধৰাঃ মানৱ সৰবৰাহকাৰীৰ কবলত পৰা গোৱালপাৰা জিলাৰ ধূপধৰাৰ এগৰাকী বিবাহিত মহিলা পশ্চিম বংগৰ শিলিগুৰিৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰা ঘটনাই সমগ্ৰ জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
ৰাজ্যত দেহ ব্যৱসায়ী চক্ৰৰ এতিয়া নতুন জাল ৷ প্ৰথমে হোৱাটছএপ, ফেচবুক আদিত চিনাকি, তাৰ পিছত প্ৰেম আৰু শেষত বিয়াৰ প্ৰলোভনেৰে বহিঃৰাজ্য লৈ নি বিক্ৰী ! তেনে এক চক্ৰৰ কবলৰ পৰাই ধূপধৰাৰ মহিলা এগৰাকীক ধূপধৰাৰ আৰক্ষীয়ে যোৱা তেইশ এপ্ৰিল তাৰিখে পশ্চিম বংগৰ সন্দেহজনক স্থানৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
ঘটনা সন্দৰ্ভত জানিব পৰামতে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ধূপধৰা আৰক্ষী থানাৰ অন্তৰ্গত এখন গাঁৱৰ পৰা এগৰাকী বিবাহিত মহিলা হঠাৎ ঘৰৰ পৰাই অন্তৰ্ধান হয় ৷ পিচত মহিলাগৰাকীৰ স্বামীয়ে এই সন্দৰ্ভত ধূপধৰা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে যদিও দীৰ্ঘদিন ধৰি মহিলাগৰাকীৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাছিল আৰক্ষী। অৱশ্যে ধূপধৰা আৰক্ষীয়ে মহিলাগৰাকীৰ সন্ধানত অব্যাহত ৰাখে তদন্ত ৷
অৱশেষত প্ৰায় দুমাহৰ অন্তত ধূপধৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ কুমাৰ দাসৰ নেতৃত্বত দহ জনীয়া এটা দলে এক গোপন সূত্ৰৰ পম খেদি পশ্চিম বংগ আৰক্ষীৰ সহযোগত শিলিগুৰীৰ ইছলামপুৰ নামৰ এক সন্দেহজনক ‘ৰেড লাইট’ তথা মানৱ সৰবৰাহকাৰী চক্ৰৰ এলেকাত অভিযান চলায় ৷ পিচত চিনেমাৰ কাহিনীৰ দৰে আৰক্ষীৰ দলটোৱে এক নাটকীয় পৰিস্থিতিৰ মাজেৰে সেই স্থানৰ পৰা মহিলাগৰাকীক সুস্থ শৰীৰৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ অতি পৰিকল্পিতভাৱে চলোৱা শ্বাসৰুদ্ধকৰ এই অভিযানত মানৱ সৰবৰাহকাৰীৰ এক এলেকাত থকা এটা ঘৰৰ পৰা মহিলাগৰাকীক উদ্ধাৰ কৰে বুলি এই প্ৰতিবেদকক আৰক্ষীয়ে জানিবলৈ দিয়ে ৷
ইফালে স্থানীয় লোকৰ পৰা জানিব পৰামতে, এজন যুৱকে নিজকে ধুবুৰীৰ বিজয় বুলি চিনাকি দি মহিলাগৰাকীক প্ৰথমে হোৱাটছএপত মেছেজ দি সম্পৰ্ক স্থাপন কৰে। প্ৰায় এমাহ ধৰি কথা বতৰা পতাৰ পিছত বিজয় নামৰ যুৱকজনে মহিলাগৰাকীক প্ৰেমৰ চলেৰে বিবাহৰ প্ৰস্তাৱ দিয়ে ৷ যুৱকজনৰ কথামতে মহিলাগৰাকীও বিয়াৰ বাবে ঘৰ এৰি গুচি যায়। পৰৱৰ্তী সময়ত উক্ত যুৱকজনে ধূপধৰাৰ পৰা মহিলাগৰাকীক শিলিগুৰিলৈ লৈ যায় আৰু তাতে আন এক মানৱ সৰবৰাহকাৰী চক্ৰৰ হাতত গটাই দিয়ে ৷ মহিলাগৰাকী যাবলৈ সন্মত হোৱা নাছিল যদিও তাৰ পৰা বলপূৰ্বক মহিলাগৰাকীক এক অচিন ঠাইলৈ লৈ যায়। সেই অচিনাক্ত ঠাইলৈ নি মহিলাগৰাকীক অনৈতিক কামত লিপ্ত কৰিবলৈ হেঁচা প্ৰদান কৰে। ইফালে আন এক সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি মহিলাগৰাকীক বিজয় নামৰ যুৱকজনে পশ্চিম বংগৰ দেহ ব্যৱসায়ী চক্ৰৰ হাতত এক লাখ টকাত বিক্ৰী কৰিছিল।
পিচে ধূপধৰা আৰক্ষীৰ তৎপৰতাত তথা ক্ষীপ্ৰতৰ অভিযানৰ ফলশ্ৰুতিত মহিলাগৰাকীক দেহ ব্যৱসায়ী চক্ৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে অভিযুক্ত বিজয় নামৰ যুৱকজন এতিয়াও পলাতক ৷ পিচে মহিলাগৰাকীক সুস্থ শৰীৰে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা ঘটনা অসম আৰক্ষী তথা গোৱালপাৰা আৰক্ষীৰ বাবে এক বৃহৎ সফলতা হিচাপে বিবেচিত হৈছে ৷
উল্লেখ্য যে মানৱ সৰবৰাহকাৰী বা দেহ ব্যৱসায়ী চক্ৰৰ বিৰুদ্ধে আৰক্ষী যিমান কঠোৰ হৈছে সিমানে চতুৰ আৰু নিত্য নতুন কৌশল অৱলম্বন কৰি এই চক্ৰটোৱে ৰাজ্যত জাল পেলাই অব্যাহত ৰাখিছে এই ব্যৱসায় ৷
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/ipheKCm
via IFTTT
Comments
Post a Comment